عَنْ سَعْدِ بنِ أبي وَقَّاصٍ رَضيَ اللهُ عنه قَالَ:
كُنَّا عِنْدَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «أَيَعْجِزُ أَحَدُكُمْ أَنْ يَكْسِبَ، كُلَّ يَوْمٍ أَلْفَ حَسَنَةٍ؟» فَسَأَلَهُ سَائِلٌ مِنْ جُلَسَائِهِ: كَيْفَ يَكْسِبُ أَحَدُنَا أَلْفَ حَسَنَةٍ؟ قَالَ: «يُسَبِّحُ مِائَةَ تَسْبِيحَةٍ، فَيُكْتَبُ لَهُ أَلْفُ حَسَنَةٍ، أَوْ يُحَطُّ عَنْهُ أَلْفُ خَطِيئَةٍ».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 2698]
المزيــد ...
ছাআদ বিন আবী অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ক'লেঃ "তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে? তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ "দৈনিক এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2698]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ তোমালোকে দৈনিক এহেজাৰ নেকী অৰ্জন কৰিব নোৱাৰিবানে? উপস্থিত লোকসকলৰ মাজৰ এজনে ক'লেঃ কিদৰে ইমান সহজে দৈনিক এহেজাৰ নেকী অৰ্জন কৰাটো সম্ভৱ? তেখেতে ক'লেঃ যিয়ে এশবাৰ ছুবহানাল্লাহ পাঠ কৰিব, তাৰ বাবে এহেজাৰ নেকী লিপিবদ্ধ কৰা হ'ব। কাৰণ এটা নেকীৰ বিনিময়ত দহটা নেকী প্ৰদান কৰা হয়। নাইবা তাৰ এহেজাৰ গুনাহ ক্ষমা কৰি দিয়া হ'ব।