عَنْ أَنَسِ بْنِ مَالِكٍ رَضيَ اللهُ عنه عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُ قَالَ:
«اللهُمَّ لَا عَيْشَ إِلَّا عَيْشُ الْآخِرَهْ، فَاغْفِرْ لِلْأَنْصَارِ وَالْمُهَاجِرَهْ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 1805]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"হে আল্লাহ! আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন। গতিকে তুমি আনচাৰ আৰু মুহাজিৰসকলক ক্ষমা কৰি দিয়া।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1805]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, কাৰণ তাত আছে আল্লাহৰ সন্তুষ্টি, তেওঁৰ ৰহমত আৰু জান্নাত। পক্ষান্তৰে পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ী আৰু আখিৰাতৰ জীৱন হৈছে চিৰস্থায়ী। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে, আৰু তেওঁলোকৰ সন্মান আৰু পৰিশুদ্ধতা বিচাৰি দুআ কৰিছে, কাৰণ তেওঁলোকেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু মুহাজিৰসকলক আশ্ৰয় দান কৰিছে আৰু তেওঁলোকক সহায়-সহযোগিতা কৰিছে, আনকি নিজৰ সম্পদ তেওঁলোকৰ মাজত বণ্টন কৰি দিছে, লগতে তেখেতে মুহাজিৰসকলৰ বাবেও দুআ কৰিছে, কাৰণ তেওঁলোকে আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থে নিজৰ ঘৰ দুৱাৰ অৰ্থ সম্পদ ত্যাগ কৰি হিজৰত কৰিছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. দুনিয়াৰ প্ৰতি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো মোহ নাছিল আৰু তেখেত সদায় আখিৰাতৰ প্ৰতি মনোনিবেশ কৰিছিল।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক এই পৃথিৱীৰ ক্ষণস্থায়ী ভোগ সামগ্ৰীৰ মোহ ত্যাগ কৰিবলৈ আহ্বান কৰিছে।
  3. হাদীছটোত মুহাজিৰ আৰু আনচাৰসকলৰ ফজীলত বৰ্ণিত হৈছে। কাৰণ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে।
  4. পাৰ্থিৱ জীৱনৰ সা-সম্পত্তিক লৈ আনন্দ কৰা উচিত নহয়, কাৰণ এইবোৰ হৈছে ক্ষণস্থায়ী আৰু ইয়াৰ মাজত আছে কেৱল কষ্ট আৰু কষ্ট। আনহাতে আখিৰাতৰ আৱাসস্থল হৈছে শান্তিময় তথা চিৰস্থায়ী।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (36)
অধিক