عَنْ أَبِي هُرَيْرَةَ رضي الله عنه عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا يَسْتُرُ عَبْدٌ عَبْدًا فِي الدُّنْيَا إِلَّا سَتَرَهُ اللهُ يَوْمَ الْقِيَامَةِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2590]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2590]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে কোনো মুছলিম ভাতৃৰ কোনো দোষ গোপন কৰিব, কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে সেই ব্যক্তিৰ ভুল-ভ্ৰান্তি গুনাহ আদি গোপন ৰাখিব। কিয়নো আমল অনুসৰিয়ে প্ৰতিদান দিয়া হয়। অৰ্থাৎ আল্লাহে তাৰ গুনাহ আদি হাশ্বৰৰ ময়দানত প্ৰকাশ নকৰিব। অথবা এনেকুৱাও হ'ব পাৰে যে, আল্লাহে তাৰ সেই গুনাহৰ বাবে জবাবদিহি নকৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. যদি কোনো মুছলিম ব্যক্তিয়ে গুনাহ কৰে, তেন্তে সেইটো গোপন ৰখা বৈধ। কিন্তু তাক সেই গুনাহৰ পৰা নিষেধ কৰা আৰু উপদেশ দিয়াৰ লগতে আল্লাহৰ ভয় দেখুৱাটো অনিবাৰ্য্য। কিন্তু যদি ব্যক্তিজন দুষ্ট হয় তথা প্ৰকাশ্যভাৱে বেয়া কৰ্মত লিপ্ত থাকে তথা পাপিষ্ঠ হয় তেন্তে তেনেকুৱা ব্যক্তিৰ দোষ-ত্ৰুটি গোপন কৰা উচিত নহয়। কাৰণ এনেকুৱা কৰিলে সি প্ৰশ্ৰয় পাব, তথা অধিক গুনাহত লিপ্ত হ'ব। এনেকুৱা ব্যক্তিৰ বিষয়টো প্ৰশাসনক অৱগত কৰাব লাগে। যদিও তাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। কাৰণ সি প্ৰকাশ্যভাৱে গুনাহত লিপ্ত থাকে।
  2. বেলেগৰ দোষ-ত্ৰুটি গোপন ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
  3. দোষ-ত্ৰুটি গোপন ৰখাৰ অন্যতম ৰহস্য হৈছেঃ গুনাহকাৰী ব্যক্তিক অৱকাশ দিয়া তথা আত্মপৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰা, যাতে তাওবা কৰি উভতি আহে। কিয়নো গুনাহ আৰু বেয়া কৰ্ম প্ৰকাশ কৰাটো হৈছে অশ্লীলতা প্ৰচাৰৰ সমতুল্য। ইয়াৰ দ্বাৰা সমাজৰ পৰিৱেশ দূষিত হয়। লগতে অন্যান্য লোকসকলেও এনেকুৱা গুনাহত লিপ্ত হোৱাৰ আশংকা থাকে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (49)
অধিক