عَنْ أَنَسٍ رضي الله عنه قَالَ:
كَانَ أَكْثَرُ دُعَاءِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «اللَّهُمَّ رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً، وَفِي الآخِرَةِ حَسَنَةً، وَقِنَا عَذَابَ النَّارِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6389]
المزيــد ...

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6389]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গুৰুত্বপূৰ্ণ দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া লগতে আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা পাৰ্থিৱ কল্যাণৰ ভিতৰত আছে যেনে, হালাল তথা উত্তম পৱিত্ৰ জীৱিকা, পূণ্যৱতী স্ত্ৰী, চকু শীতল কৰিব পৰা সন্তান, ক্লান্তিৰ পৰা বিশ্ৰাম, উপকাৰী জ্ঞান, নেক আমল ইত্যাদি ধৰণৰ মন পছন্দ বৈধ প্ৰয়োজনীয় বস্তু আদি। আনহাতে আখিৰাতৰ কল্যাণ যেনে- কবৰ আৰু জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱা, আল্লাহৰ সন্তুষ্টি লাভ কৰা, চিৰস্থায়ী নিয়ামত লাভ কৰা, লগতে কৰুণাময় মহান আল্লাহৰ সান্নিধ্য লাভ কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অনুকৰণ কৰি গুৰুত্বপূৰ্ণ দুআ পাঠ কৰা মুস্তাহাব।
  2. এনেকুৱা দুআ পাঠ কৰিব লাগে য'ত পৃথিৱী আৰু আখিৰাত উভয়ৰে কল্যাণক সামৰি লোৱা হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (58)
অধিক