+ -

عَنْ سَلْمَانَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِنَّ رَبَّكُمْ حَيِيٌّ كَرِيمٌ، يَسْتَحْيِي مِنْ عَبْدِهِ إِذَا رَفَعَ يَدَيْهِ إِلَيْهِ أَنْ يَرُدَّهُمَا صِفْرًا».

[حسن] - [رواه أبو داود والترمذي وابن ماجه] - [سنن أبي داود: 1488]
المزيــد ...

ছালমান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"নিশ্চয় তোমালোকৰ প্ৰতিপালক অত্যন্ত লজ্জাশীল, পৰম দানশীল। বান্দাই তেওঁৰ ওচৰত কিবা বিচাৰি হাত পাতিলে, তেওঁ সেই হাত খালী ঘূৰাই দিয়াত লজ্জাবোধ কৰে।"

[হাছান] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)] - [ছুনান আবি দাঊদ - 1488]

ব্যাখ্যা

দুআ কৰাৰ সময়ত দুয়ো হাত উত্তোলন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। লগতে তেখেতে জনাইছে যে, মহান আল্লাহ অত্যন্ত লজ্জাশীল। বান্দাই যেতিয়া কোনো এনেকুৱা কাম কৰে, যি কাম কৰিলে তেওঁ আনন্দিত হয়, লগতে বান্দাই যেতিয়া তেওঁৰ অসন্তুষ্টিমূলক কামৰ পৰা বিৰত থাকে, তেতিয়া তেওঁ তাক প্ৰদান কৰা বন্ধ নকৰে। তেওঁ অত্য়ন্ত দানশীল, যিয়ে নিবিচৰাকৈয়ে প্ৰদান কৰে, তেওঁৰ ওচৰত বিচাৰিলে তেওঁ প্ৰদান নকৰাকৈ থাকিবনে? মুমিন বান্দাই যেতিয়া দুয়ো হাত তুলি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ সেই হাত খালী অৱস্থাত ঘূৰাই দিয়াত লজ্জাবোধ কৰে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ শ্বাহিলী তামিল গুজৰাটী
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বান্দাই আল্লাহৰ ওচৰত নিজকে যিমান নত কৰিব আৰু ইবাদতৰ জৰিয়তে তেওঁৰ ওচৰত অভাৱ-অনাটন আৰু প্ৰয়োজন আদি প্ৰকাশ কৰিব, সিমানেই দুআ কবুল হোৱাৰ আশা বৃদ্ধি পায়।
  2. দুআ কৰাৰ সময়ত হাত উত্তোলন কৰিবলৈ উৎসাহিত কৰা হৈছে, এইটো মুস্তাহাব। লগতে এইটো হৈছে দুআ কবূল হোৱাৰ অন্যতম এটা উপায়।
  3. বান্দাসকলৰ প্ৰতি আল্লাহ অত্যন্ত দয়াশীল, পৰম কৰুণাময়। তেওঁৰ ৰহমত অত্যন্ত প্ৰশস্ত।
অধিক