عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم قال: «أقْرَبُ ما يَكون العبد مِنْ رَبِّهِ وهو ساجد، فَأَكْثروا الدُّعاء».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ সূত্রত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণিত, তেখেতে কৈছেঃ "c2">“বান্দা সেই সময়ত তেওঁৰ প্ৰতিপালকৰ সর্বাধিক নিকটৱর্তী হয়, যেতিয়া সি ছাজদা অৱস্থাত থাকে। এতেকে (সেই সময়ত) তোমালোকে বেছি বেছি দুআ কৰিবা।” ছহীহ – এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“বান্দা সেই সময়ত তেওঁৰ প্ৰতিপালকৰ সর্বাধিক নিকটৱর্তী হয়, যেতিয়া সি ছাজদা অৱস্থাত থাকে।” কাৰণ ছাজদাহ কৰাৰ সময়ত মানুহৰ সন্মানীয় অংগবোৰ ভৰি থোৱা ঠাইত ৰখা হয়, যি ঠাইক ভৰিৰে মোহাৰিব পাৰি। অনুৰূপভাৱে শৰীৰৰ উচ্চ মর্যাদাশীল অংগক শৰীৰৰ সর্বনিম্ন অংগৰ ঠাইত ৰখা হয়। অর্থাৎ, মানুহে ছাজদাহ কৰাৰ সময়ত নিজৰ মুখমণ্ডল তথা কপাল যিটো শৰীৰৰ সর্বাধিক মৰ্যাদাশীল অংগ, এই অংগক ভৰি থোৱা ঠাইত স্পৰ্শ কৰে যিটো সৰ্বনিম্ন অংগ। ছাজদাহকাৰীয়ে একমাত্ৰ আল্লাহৰ বাবেই এনেকৈ বিনয়ী হয় তথা তেওঁৰ সন্মুখত অৱনত হৈ এনেকুৱা ঠাইত নিজৰ সন্মানীয় অংগ স্পৰ্শ কৰে। এই কাৰণেই ছাজদাহ কৰাৰ সময়ত বান্দা নিজ প্ৰতিপালকৰ সর্বাধিক নিকটৱর্তী হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাৰ সময়ত বেছি বেছি দুআ কৰাৰ নির্দেশ দিছে। কাৰণ সেই সময়ত নিজৰ অৱস্থা আৰু কথাৰ মাজত বহুত মিল পোৱা যায় আৰু সেই অৱস্থাটোৱে আল্লাহৰ ওচৰত প্ৰকৃত বিনয়ী হোৱা বুজায়। সেই কাৰণেই আমি ছাজদাৰ অৱস্থাত কওঁ, ছুবহানা ৰাব্বিয়াল আ‘লা। এই বাক্যৰ দ্বাৰা এই ইঙ্গিত প্ৰদান কৰা হয় যে, আল্লাহেই সৰ্বোচ্চ, সত্ত্বাগতভাৱে আৰু গুণগতভাৱেও, লগতে তেওঁ উচ্চ মর্যাদা সম্পন্ন। আল্লাহৰ মহত্ব আৰু মৰ্যাদাৰ তুলনাত মানুহ হৈছে অতি নিম্নমানৰ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ছাজদাত বেছি বেছি দুআ কৰা মুস্তাহাব। কিয়নো এইটো হৈছে দুআ কবুল হোৱাৰ স্থান।
  2. আনুগত্যই বান্দাক আল্লাহৰ অধিক নিকটৱৰ্তী কৰি দিয়ে।
  3. বান্দাই যিমান বেছি আল্লাহৰ আনুগত্য কৰিব, আল্লাহে সিমানেই তাৰ দুআ কবুল কৰিব।
  4. উম্মতীসকলক কল্যাণ আৰু কল্যাণৰ উপকৰণ তথা কল্যাণৰ পথ দেখুৱাবলৈ তথা শিক্ষা দিয়াৰ ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম বৰ আগ্রহী আছিল।
অধিক