عَن أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«يَأْتِي الشَّيْطَانُ أَحَدَكُمْ فَيَقُولُ: مَنْ خَلَقَ كَذَا؟ مَنْ خَلَقَ كَذَا؟ حَتَّى يَقُولَ: مَنْ خَلَقَ رَبَّكَ؟ فَإِذَا بَلَغَهُ فَلْيَسْتَعِذْ بِاللهِ وَلْيَنْتَهِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 3276]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 3276]

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুমিনৰ অন্তৰত চয়তানে দিয়া কুমন্ত্ৰণাৰ উপকাৰী চিকিৎসা হৈছে জ্ঞানীসকলৰ ওচৰত সোধ-পোচ কৰা। চয়তানে কুমন্ত্ৰণা দি কয়ঃ এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? আকাশ কোনে সৃষ্টি কৰিছে? পৃথিৱী কোনে সৃষ্টি কৰিছে? দ্বীন, ফিতৰত আৰু বিবেক অনুসৰি এজন মুমিন ব্যক্তিয়ে ইয়াৰ উত্তৰ দিয়ে যে, এইবোৰক আল্লাহে সৃষ্টি কৰিছে। কিন্তু চয়তানে এইখিনিতে পিছ নেৰে, বৰং আৰু এখোঁজ আগুৱাই গৈ কয়ঃ তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? মুমিন ব্যক্তিয়ে এনেকুৱা কুমন্ত্ৰণাক তিনিটা উপায়েৰে মুকাবিলা কৰে।
আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰি।
ইয়াৰ পিছত চয়তানৰ কুমন্ত্ৰণাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি।
লগতে এনেকুৱা কুমন্ত্ৰণা মনত অহাৰ লগে লগে সেইটোক তৎক্ষণাত বন্ধ কৰি দিয়াৰ মাধ্যমেৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. চয়তানৰ কুমন্ত্ৰণা আৰু ইয়াৰ ক্ষয়-ক্ষতিৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে, লগতে এনেকুৱা চিন্তা মনলৈ অহাৰ লগে লগে সেইটো বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। লগতে এনেকুৱা চিন্তা ধাৰাক দূৰ কৰিবলৈ আল্লাহৰ ওচৰত মিনতি কৰাৰ কথা কোৱা হৈছে।
  2. মানুহৰ মনত চৰীয়ত বিৰোধী যি অছৱাছাই সৃষ্টি হয় সেইটোৱে হৈছে চয়তানৰ কুমন্ত্ৰণা।
  3. আল্লাহৰ সত্ত্বা সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ নিষেধ কৰা হৈছে। বৰং তেওঁৰ সৃষ্টিজগত আৰু তেওঁৰ নিদৰ্শনসমূহকলৈ চিন্তা চৰ্চা কৰিবলৈহে উৎসাহিত কৰা হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক