عَن أَبِي هُرَيْرَةَ رضي الله عنه عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ:
«لاَ يَقُلْ أَحَدُكُمْ: اللَّهُمَّ اغْفِرْ لِي إِنْ شِئْتَ، ارْحَمْنِي إِنْ شِئْتَ، ارْزُقْنِي إِنْ شِئْتَ، وَليَعْزِمْ مَسْأَلَتَهُ، إِنَّهُ يَفْعَلُ مَا يَشَاءُ، لاَ مُكْرِهَ لَهُ». ولمسلم: «وَلَكِنْ لِيَعْزِمِ الْمَسْأَلَةَ وَلْيُعَظِّمِ الرَّغْبَةَ، فَإِنَّ اللهَ لَا يَتَعَاظَمُهُ شَيْءٌ أَعْطَاهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 7477]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনেও যাতে এনেকৈ দুআ নকৰে যে, হে আল্লাহ! যদি তুমি ইচ্ছা কৰা তেন্তে মোক ক্ষমা কৰি দিয়া, যদি তুমি ইচ্ছা কৰা তেন্তে মোৰ প্ৰতি ৰহম কৰা, যদি তুমি ইচ্ছা কৰা তেন্তে মোক জীৱিকা প্ৰদান কৰা। বৰং দুআ কৰাৰ সময়ত নিশ্চিতভাৱে দৃঢ় হৈ দুআ কৰিব লাগে, কিয়নো আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে, তেওঁক অপাৰগ কৰিব পৰা কোনো নাই।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "বৰং নিৰ্দিষ্টভাৱে আৰু দৃঢ় হৈ দুআ কৰিব লাগে, লগতে আগ্ৰহ ডাঙৰ ৰাখিব লাগে। কিয়নো কোনো বস্তুৱে প্ৰদান কৰাটো আল্লাহৰ পক্ষে ডাঙৰ নহয়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 7477]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চৰ্ত যোগ কৰি দুআ কৰিবলৈ নিষেধ কৰিছে, যদিও সেই চৰ্ত আল্লাহৰ ইচ্ছাৰ সৈতে সম্পৰ্কীয় নহওক কিয়। কিয়নো এই বিষয়টো নিশ্চিত যে, মহান আল্লাহৰ বাহিৰে আন কোনেও ক্ষমা কৰিব নোৱাৰে। সেয়ে ইচ্ছাৰ চৰ্ত আৰোপ কৰাৰ কোনো অৰ্থ নাই। কাৰণ এনেকুৱা চৰ্ত তেতিয়া লগোৱা হয় যেতিয়া কৰ্মটো কৰিবলৈ ব্যক্তিজন নিজেই সক্ষম, ইচ্ছাৰ বিৰুদ্ধে বা বাধ্য হৈ নহয়। হাদীছটোৰ শেষাংশত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মহান আল্লাহক অপাৰগ কৰিব পৰা কোনো নাই। এইদৰে মহান আল্লাহে ডাঙৰতকৈ ডাঙৰ বস্তু প্ৰদান কৰাৰ ক্ষেত্ৰতো কোনো অসুবিধা নাই, তেওঁৰ পক্ষে কোনো বস্তুৱে কঠিন নহয়। এতেকে এইদৰে কোৱাটো যে, যদি তুমি ইচ্ছা কৰা তেন্তে এইটো কৰি দিয়া, ইয়াৰ দ্বাৰা এইটো বুজায় যে, সেই ব্যক্তিজন আল্লাহৰ ক্ষমাৰ পৰা অমুখাপেক্ষী। অথবা এইদৰে কোৱা যে, যদি তুমি ইচ্ছা কৰা তেন্তে তুমি মোক এইটো দিব পাৰা, এনেকুৱা বাক্যই এইটো বুজায় যে, প্ৰাৰ্থনাকাৰী ব্যক্তিজনৰ সেইটো নহ'লেও হ'ব বা তাৰ এইটোৰ কোনো প্ৰয়োজন নাই, অথবা সি এনেকুৱা সত্ত্বাৰ ওচৰত কিবা বিচাৰি আছে যিজন এইটো দিবলৈ অক্ষম। পক্ষান্তৰে যদি ব্যক্তিজনৰ সঁচাকৈয়ে সেইটো প্ৰয়োজন আৰু ইয়াৰ বাহিৰে বেলেগ কোনো উপায় নাই, তেন্তে সেই ক্ষেত্ৰত তেওঁ নিশ্চিতভাৱে এনেকৈ দৃঢ়ভাৱে প্ৰাৰ্থনা কৰিব যে, তেওঁক সেইটো লাগিবই। লগতে অভাৱ-অনাটন এনেকৈ প্ৰকাশ কৰিব যে, সেই বস্তুটো তেওঁৰ কিমান প্ৰয়োজন, লগতে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিব। কাৰণ একমাত্ৰ তেৱেঁই অমুখাপেক্ষী, পূৰ্ণাংগ সত্ত্বাৰ অধিকাৰী, তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আল্লাহৰ ইচ্ছাৰ সৈতে চৰ্তাৰোপ কৰি দুআ কৰিবলৈ নিষেধ কৰা হৈছে।
  2. প্ৰত্যেক এনেকুৱা বস্তুৰ পৰা আল্লাহ পাক তথা পৱিত্ৰ, যিটো তেওঁৰ উপযুক্ত নহয়। মহান আল্লাহ অত্যন্ত প্ৰশস্ত ৰহমতৰ অধিকাৰী, মহা অনুগ্ৰহশীল, অত্যন্ত দয়ালু, পৰম দানশীল।
  3. সৰ্বশক্তিমান আল্লাহ সকলো ক্ষেত্ৰতে পূৰ্ণাংগতাৰ অধিকাৰী।
  4. আল্লাহৰ ওচৰত বিচৰাৰ সময়ত ডাঙৰ বস্তু বিচাৰিব লাগে, লগতে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিব লাগে।
  5. কিছুমান লোকে অজ্ঞতাবশতঃ আল্লাহৰ ইচ্ছাৰ সৈতে চৰ্তাৰোপ কৰি দুআ দিয়ে, যেনে কয়ঃ (جزاك الله خيرًا إن شاء الله،) অৰ্থঃ আল্লাহে আপোনাক উত্তম প্ৰতিদান দিয়ক, যদি আল্লাহে ইচ্ছা কৰে। এইদৰে কয়ঃ (الله يرحمه إن شاء الله) যদি আল্লাহে বিচাৰে তেওঁৰ ওপৰত ৰহম কৰিব। উপৰোক্ত হাদীছটোৰ দ্বাৰা প্ৰমাণিত হয় যে, এনেকৈ কোৱাটোও উচিত নহয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (45)
অধিক