عَنْ سَعْدٍ رضي الله عنها قَالَ:
جَاءَ أَعْرَابِيٌّ إِلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: عَلِّمْنِي كَلَامًا أَقُولُهُ، قَالَ: «قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ» قَالَ: فَهَؤُلَاءِ لِرَبِّي، فَمَا لِي؟ قَالَ: «قُلْ: اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَارْزُقْنِي».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2696]
المزيــد ...

ছা'দ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এজন বেদুইন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মোক এনেকুৱা কিছুমান বাক্য শিকাওক, যিবোৰ মই পাঠ কৰিব পাৰোঁ। তেতিয়া তেখেতে ক'লে, এইটো কোৱাঃ «قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ» অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মহানতাৰ ক্ষেত্ৰত আল্লাহ আটাইতকৈ মহান, অসংখ্য অগণন প্ৰশংসা আল্লাহৰ বাবেই। বিশ্বজগতৰ ৰব্ব মহান আল্লাহ অতি পৱিত্ৰ। গুনাহৰ পৰা ৰক্ষা আৰু নেক কামৰ শক্তিৰ উৎস একমাত্ৰ আল্লাহেই। তেওঁ পৰাক্ৰমশালী মহাপ্ৰজ্ঞাময়। ব্যক্তিজনে এই সকলোবোৰ দেখোন মোৰ প্ৰতিপালকৰ বাবে, মোৰ বাবে কি আছে, তেতিয়া তেখেতে ক'লেঃ «قُلْ: اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَارْزُقْنِي» অৰ্থঃ কোৱা, হে আল্লাহ! মোক ক্ষমা কৰা, মোৰ প্ৰতি ৰহম কৰা, মোক হিদায়ত দিয়া আৰু জীৱিকা প্ৰদান কৰা।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2696]

ব্যাখ্যা

মৰুবাসী বেদুইন এজন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে, তেখেতে যাতে তাক দুআ শিকাই দিয়ে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লেঃ কোৱা, "লা ইলাহা ইল্লাল্লাহু অহদাহ, লা শ্বাৰীকালাহ" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। "আল্লাহু আকবাৰ কাবীৰাহ" অৰ্থাৎ সকলোতকৈ আল্লাহ মহান। "অলহামদুলিল্লাহি কাছীৰাহ" অৰ্থাৎ অসংখ্য অগণন প্ৰশংসা মহান আল্লাহৰ বাবে, তেওঁৰ গুণাৱলী আৰু কৰ্মৰাজিৰ কাৰণে আৰু অগণন নিয়ামতৰ কাৰণে। "ছুবহানাল্লাহি ৰাব্বিল আলামীন" অৰ্থাৎ বিশ্বজগতৰ ৰব্ব আল্লাহ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। "লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহিল আঝীঝিল হাকীম" অৰ্থাৎ আল্লাহৰ সহায় অবিহনে কোনো পাপ কৰ্মৰ পৰা ৰক্ষা পোৱা টান, আৰু তেওঁৰ তাওফীক অবিহনে কোনো নেক কাম কৰাৰো শক্তি নাই। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ এইবোৰ বাক্যত দেখোন কেৱল মোৰ প্ৰতিপালকৰ মহত্ব বৰ্ণিত হৈছে। মোৰ নিজৰ বাবে কৰিবলগীয়া কিবা দুআ আছেনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এইটো কোৱাঃ "আল্লাহুম্মাগ ফিৰলী" হে আল্লাহ! মোক ক্ষমা কৰা। মোৰ গুনাহ মাৰ্জনা কৰা। "অৰহামনী" দ্বীন আৰু দুনিয়াৰ উপকাৰৰ জৰিয়তে মোৰ প্ৰতি ৰহম কৰা। "অহদিনী" উত্তম অৱস্থাৰে মোক পোন পথৰ হিদায়ত দিয়া। "অৰঝুক্বনী" মোক হালাল জীৱিকা আৰু নিৰোগী স্বাস্থ্য প্ৰদান কৰা, লগতে সকলো প্ৰকাৰ কল্যাণ দান কৰা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. তাকবীৰ, তাহলীল, তাছবীহ, তাহমীদৰ জৰিয়তে আল্লাহক স্মৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. দুআ কৰাৰ পূৰ্বে আল্লাহক স্মৰণ কৰা আৰু তেওঁৰ প্ৰশংসা কৰা মুস্তাহাব।
  3. মানুহে উত্তম বাক্যৰে দুআ কৰা মুস্তাহাব, বিশেষকৈ প্ৰমাণিত দুআৰ জৰিয়তে দুআ কৰা, য'ত পৃথিৱী আৰু আখিৰাতৰ বিষয়ক সামৰি লোৱা হৈছে। ইয়াৰ বাহিৰেও নিজৰ প্ৰয়োজন অনুসাৰে দুআ কৰিব পাৰে।
  4. বান্দা এনেকুৱা বিষয় শিকাৰ প্ৰতি আগ্ৰহী হোৱা উচিত, যিবোৰৰ দ্বাৰা সি পৃথিৱী আৰু আখিৰাতত উপকৃত হ'ব পাৰিব।
  5. জীৱিকা, দয়া আৰু মাগফিৰাত প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে। এইবোৰ হৈছে কল্যাণৰ ভাণ্ডাৰ।
  6. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতক সদায় উপকাৰী শিক্ষা দিবলৈ আগ্ৰহী আছিল।
  7. মাগফিৰাতৰ পিছত ৰহমতৰ কথা উল্লেখ হৈছে, যাতে পৰিপূৰ্ণ পৱিত্ৰতা অৰ্জন হয়। মাগফিৰাতৰ জৰিয়তে গুনাহ মাফ কৰা হয় বা মচি দিয়া হয় আৰু জাহান্নামৰ পৰা ৰক্ষা কৰা হয়। আনহাতে ৰহমতৰ জৰিয়তে কল্যাণ দান কৰা হয় আৰু জান্নাতত প্ৰৱেশ কৰোৱা হয়। এইটোৱে হৈছে মহা সফলতা।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক