عَنْ حُذَيْفَةَ بْنِ اليَمَانِ رَضيَ اللهُ عنه:
أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ كَانَ إِذَا أَرَادَ أَنْ يَنَامَ وَضَعَ يَدَهُ تَحْتَ رَأْسِهِ، ثُمَّ قَالَ: «اللَّهُمَّ قِنِي عَذَابَكَ يَوْمَ تَجْمَعُ أَوْ تَبْعَثُ عِبَادَكَ».
[صحيح] - [رواه الترمذي] - [سنن الترمذي: 3398]
المزيــد ...
হুজাইফা ইবনুল য়ামান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুৱাৰ সময়ত নিজৰ হাত মূৰৰ তলত ৰাখিছিল আৰু ইয়াৰ পিছত কৈছিলঃ "আল্লাহুম্মা ক্বিনী আজাবাক, য়াওমা তাজমাউ আউ তাবআছু ইবাদাক।" (অৰ্থঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা অথবা পুনৰুত্থিত কৰিবা, সেইদিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।)
[ছহীহ] - [(তিৰমিজী)] - [ছুনান তিৰমিজী - 3398]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া বিছনাত শুবলৈ গৈছিল, তেতিয়া তেখেতে নিজৰ সোঁহাত গাৰুৰ নিচিনাকৈ সোঁফালৰ গালৰ তলত ৰাখিছিল, আৰু এই দুআ পাঠ কৰিছিলঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক একত্ৰিত কৰিবা অথবা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰিবা, সেই কিয়ামতৰ দিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।