عَنْ أَبِي أُمَامَةَ البَاهِلِيِّ رَضيَ اللهُ عنه قَالَ: ذُكِرَ لِرَسُولِ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ رَجُلاَنِ أَحَدُهُمَا عَابِدٌ وَالآخَرُ عَالِمٌ، فَقَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«فَضْلُ العَالِمِ عَلَى العَابِدِ كَفَضْلِي عَلَى أَدْنَاكُمْ»، ثُمَّ قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: «إِنَّ اللَّهَ وَمَلاَئِكَتَهُ وَأَهْلَ السَّمَوَاتِ وَالأَرَضِينَ حَتَّى النَّمْلَةَ فِي جُحْرِهَا وَحَتَّى الحُوتَ لَيُصَلُّونَ عَلَى مُعَلِّمِ النَّاسِ الخَيْرَ».
المزيد
আবূ উমামাহ আল-বাহিলী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দুজন লোকৰ বিষয়ে আলোচনা কৰা হ'ল, তাৰে এজন আছিল আবিদ (সাধক) আৰু আন এজন আছিল আলিম। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে:
"তোমালোকৰ মাজৰ সাধাৰণ ব্যক্তিৰ ওপৰত মই যিমান মৰ্যাদাৱান, ঠিক সেইদৰে এজন আবিদ ব্যক্তিৰ ওপৰত এজন আলিম ব্যক্তিও সিমানেই মৰ্যাদাৱান।" ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় মহান আল্লাহে, তেওঁৰ ফিৰিস্তাসকলে, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলে, আনকি বিলত থকা পৰুৱাও আৰু পানীত থকা মাছেও সেই ব্যক্তিৰ বাবে দুআ কৰে, যিয়ে মানুহক কল্যাণকৰ ইল্ম শিক্ষা দিয়ে।"