عن أنس رضي الله عنه مرفوعاً: «من خَرج في طلب العلم فهو في سَبِيلِ الله حتى يرجع».
[حسن] - [رواه الترمذي]
المزيــد ...

আনাছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বর্ণিত, “যি ব্যক্তিয়ে ইল্ম শিকাৰ উদ্দেশ্যে ওলাই গ’ল, তেওঁ উভতি নহালৈকে আল্লাহৰ ৰাস্তাত থকা বুলি গণ্য হ’ব।” হাছান - এইটো তিৰমিজীয়ে বর্ণনা কৰিছে।
[হাছান] - [(তিৰমিজী)]

ব্যাখ্যা

হাদীছটোৰ অর্থ হৈছে: যি ব্যক্তিয়ে নিজ ঘৰৰ পৰা বা নিজৰ চহৰৰ পৰা দ্বীনি ইল্মৰ অনুসন্ধানত ওলাই যাব, তেওঁ নিজ পৰিয়ালৰ ওচৰলৈ উভতি নহালৈকে সেই ব্যক্তিৰ দৰে গণ্য হ’ব যিয়ে আল্লাহৰ ৰাস্তাত জিহাদ কৰিবলৈ ওলাই গৈছে। কাৰণ, দ্বীন জীৱিত কৰা, চয়তানক অপদস্থ কৰা আৰু প্রবৃত্তিক কষ্ট দিয়াৰ ক্ষেত্রত তেওঁ এজন মুজাহিদৰ দৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. দ্বীনি ইল্ম অৰ্জন কৰাটো হৈছে আল্লাহৰ পথত জিহাদ কৰাৰ দৰে।
  2. দ্বীনি ইল্ম অৰ্জন কৰা ব্যক্তিয়ে যুদ্ধৰ ময়দানত জিহাদকাৰী মুজাহিদৰ সমপৰিমাণ ছোৱাব লাভ কৰিব। কাৰণ, উভয়েই আল্লাহৰ দ্বীনক শক্তিশালী কৰাৰ কামত আৰু চৰীয়ত বিৰোধী কামক প্রতিহত কৰাত নিয়োজিত।
  3. এই ক্ষেত্ৰত কোৱা হৈছে যে, যিয়ে ইল্ম শিকাৰ উদ্দেশ্যে ওলাই যায়, সেই ব্যক্তিৰ অহা-যোৱা প্রতিটো খোঁজত ছোৱাব লিপিবদ্ধ কৰা হয়, যেতিয়ালৈকে তেওঁ নিজ পৰিয়ালৰ ওচৰলৈ উভতি নাহে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (28)
অধিক