عَنْ أَبِي مُوسَى الأَشْعَرِيِّ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«أَطْعِمُوا الجَائِعَ، وَعُودُوا المَرِيضَ، وَفُكُّوا العَانِيَ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 5373]
المزيــد ...

আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 5373]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ কৰ্তব্য হৈছে, ভোকাতুৰ ব্যক্তিক খাদ্য দান কৰা, বেমাৰত পৰিলে খা-খবৰ লোৱা, বন্দী হ'লে তাক মোকলাই অনাৰ চেষ্টা কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত মুছলিমসকলক ইজনে সিজনৰ সহায়-সহযোগিতাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. ক্ষুধাৰ্ত তথা অভাৱী লোকক খাদ্য খুৱাবলৈ উৎসাহিত কৰা হৈছে। কিয়নো এনেকুৱা লোকক খাদ্য খোৱাবলৈ চৰীয়তত নিৰ্দেশ দিয়া হৈছে।
  3. অসুস্থ বেমাৰী ব্যক্তিৰ খা-খবৰ ল'বলৈ যোৱাটো চৰীয়তৰ অন্যতম এটা বিধান। কাৰণ ইয়াৰ ফলত তাৰ মনোবল দৃঢ় হয়, আৰু তাৰ বাবে দুআ কৰিব লাগে, লগতে ইয়াৰ ফলত ছোৱাব লাভ হয়। ইয়াৰ উপৰিও বহুতো কল্যাণ নিহিত আছে।
  4. যদি কোনো মুছলিম ব্যক্তি কাফিৰৰ হাতত বন্দী হয়, তেন্তে তাক মোকলাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। সেয়া মুক্তিপণ আদায়ৰ মাধ্যমতে হওক অথবা বন্দী আদান-প্ৰদানৰ মাধ্যমতে হওক।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (32)
অধিক