عَنْ عَائِشَةَ رضي الله عنها قَالَتْ:
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَسْتَحِبُّ الْجَوَامِعَ مِنَ الدُّعَاءِ، وَيَدَعُ مَا سِوَى ذَلِكَ.

[صحيح] - [رواه أبو داود وأحمد] - [سنن أبي داود: 1482]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামে (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা) দুআবোৰক বেছি পছন্দ কৰিছিল, ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ এৰিছিল।"

[ছহীহ] - [(আবু দাঊদ, আহমদ)] - [ছুনান আবি দাঊদ - 1482]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জামে দুআবোৰ বেছি পছন্দ কৰিছিল। যিবোৰ দুআ কম শব্দত বহুল অৰ্থ প্ৰকাশ কৰে আৰু য'ত দুনিয়া আৰু আখিৰাত উভয়ৰে কল্যাণ নিহিত হৈ আছে। লগতে য'ত আছে আল্লাহৰ প্ৰশংসা, নেক উদ্দেশ্য আদি। ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ পৰিত্যাগ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. কম শব্দত কল্যাণমূলক বেছি অৰ্থ প্ৰকাশ কৰিব পৰা দুআবোৰ পাঠ কৰাটো অধিক পছন্দনীয়। আনহাতে কৃত্ৰিম আৰু কঠিন শব্দৰে দুআ কৰাটো অপছন্দনীয়। তথা এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনাৰ পৰিপন্থী।
  2. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কম শব্দত ব্যাপক অৰ্থ প্ৰকাশ কৰিব পৰা বিশেষ দক্ষতা প্ৰদান কৰা হৈছিল।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিবোৰ শব্দৰ দ্বাৰা দুআ কৰিছিল, সেইবোৰ শব্দৰে দুআ কৰিবলৈ আগ্ৰহী হোৱা উচিত। যদিও দীঘল দুআ হওক আৰু শব্দ বেছি হওক। তেখেতে কৰা প্ৰতিটো দুআই হৈছে জামে দুআ।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (45)
অধিক