+ -

عَن عبدِ اللهِ بن خُبَيب رضي الله عنه أنه قال:
خَرَجْنَا فِي لَيْلَةٍ مَطِيرَةٍ وَظُلْمَةٍ شَدِيدَةٍ، نَطْلُبُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؛ يُصَلِّي لَنَا، قَالَ: فَأَدْرَكْتُهُ، فَقَالَ: «قُلْ»، فَلَمْ أَقُلْ شَيْئًا، ثُمَّ قَالَ: «قُلْ»، فَلَمْ أَقُلْ شَيْئًا، قَالَ: «قُلْ»، فَقُلْتُ: مَا أَقُولُ؟ قَالَ: «{قُلْ هُوَ اللهُ أَحَدٌ} وَالْمُعَوِّذَتَيْنِ حِينَ تُمْسِي وَتُصْبِحُ ثَلَاثَ مَرَّاتٍ، تَكْفِيكَ مِنْ كُلِّ شَيْءٍ».

[صحيح] - [رواه أبو داود والترمذي والنسائي] - [سنن الترمذي: 3575]
المزيــد ...

আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"

[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, নাছায়ী)] - [ছুনান তিৰমিজী - 3575]

ব্যাখ্যা

সন্মানীয় চাহাবী আব্দুল্লাহ বিন খুবাইব ৰাদ্বিয়াল্লাহুৱে জনাইছে যে, তেওঁলোকে এবাৰ ধাৰাসাৰ বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি গৈছিল, যাতে তেখেতে তেওঁলোকৰ বাবে দুআ কৰি দিয়ে, অৱশেষত তেওঁলোকে তেখেতক বিচাৰি পাইছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিলঃ "কোৱা" অৰ্থাৎ পঢ়া, কিন্তু তেওঁ একো নপঢ়িলে। এই কথাষাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুনৰ ক'লেঃ তেতিয়া আব্দুল্লাহে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই কি পঢ়িম? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ছুৰা ইখলাচ (ক্বুল হুৱাল্লাহু আহাদ) আৰু মাওউজাতাইন (ক্বুল আউজু বিৰাব্বিল ফালাক্ব আৰু ক্বুল আউজু বিৰাব্বিন্নাছ) পুৱা গধূলি তিনিবাৰকৈ পাঠ কৰা। ইয়াৰ ফলত সকলো প্ৰকাৰৰ অনিষ্টৰ পৰা ৰক্ষা পাবা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পুৱা গধূলি ছুৰা ইখলাচ, ছুৰা ফালাক আৰু ছুৰা নাছ পাঠ কৰা মুস্তাহাব। এইটো হৈছে সকলো প্ৰকাৰ অনিষ্টৰ পৰা ৰক্ষা পোৱাৰ উপায়।
  2. হাদীছটোত ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু নাছ পাঠ কৰাৰ ফজিলত বৰ্ণিত হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক