عَنْ عُبَادَةَ بْنِ الصَّامِتِ رَضيَ اللهُ عنهُ أَنَّ رَسُولَ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«فِي الجَنَّةِ مِائَةُ دَرَجَةٍ مَا بَيْنَ كُلِّ دَرَجَتَيْنِ كَمَا بَيْنَ السَّمَاءِ وَالأَرْضِ، وَالْفِرْدَوْسُ أَعْلاَهَا دَرَجَةً وَمِنْهَا تُفَجَّرُ أَنْهَارُ الجَنَّةِ الأَرْبَعَةُ، وَمِنْ فَوْقِهَا يَكُونُ العَرْشُ، فَإِذَا سَأَلْتُمُ اللَّهَ فَسَلُوهُ الفِرْدَوْسَ».

[صحيح] - [رواه الترمذي] - [سنن الترمذي: 2531]
المزيــد ...

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। ফিৰদাউছ হৈছে ইয়াৰ সৰ্বোচ্চ স্তৰ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ইয়াৰ ওপৰতে আৰচ অৱস্থিত। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।"

[ছহীহ] - [(তিৰমিজী)] - [ছুনান তিৰমিজী - 2531]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। এইবোৰ জান্নাতৰ মাজত সৰ্বোচ্চ জান্নাত হৈছে ফিৰদাউছ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ফিৰদাউছৰ ওপৰতে আছে আৰচ। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউছ বিচাৰিবা। কাৰণ ফিৰদাউছ হৈছে সৰ্বোচ্চ জান্নাত।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. জান্নাতীসকলৰ ঈমান আৰু আমলে চলেহ অনুপাতে তেওঁলোকৰ মৰ্যাদা আৰু স্তৰ বেলেগ বেলেগ হ'ব।
  2. আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত, জান্নাতৰ সৰ্বোচ্চ স্তৰ ফিৰদাউছ প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. ফিৰদাউছ হৈছে জান্নাতৰ সৰ্বোচ্চ আৰু সৰ্বোৎকৃষ্ট স্তৰ।
  4. মুছলিমৰ আশা-আকাংক্ষা সুউচ্চ হোৱা উচিত। লগতে আল্লাহৰ ওচৰত সৰ্বোচ্চ আৰু সৰ্বোৎকৃষ্ট স্তৰ কামনা কৰা উচিত আৰু এই ক্ষেত্ৰত চেষ্টা কৰা উচিত।
  5. জান্নাতত চাৰিটা নদী আছে, নিৰ্মল পানীৰ, গাখীৰৰ, সুৰাৰ আৰু মৌৰ। এই কথা পৱিত্ৰ কোৰআনত উল্লেখ আছে, মহান আল্লাহে কৈছেঃ মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিৱৰ্তনীয়, লগতে সেৱনকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ। (ছুৰা মুহাম্মদঃ ১৫)
অনুবাদ চাওক
ভাষা: الإنجليزية الإندونيسية البنغالية অধিক (39)
অধিক