عَنْ جُنْدُبِ بْنِ عَبْدِ اللَّهِ رَضيَ اللهُ عنهُ قَالَ:
كُنَّا مَعَ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ وَنَحْنُ فِتْيَانٌ حَزَاوِرَةٌ، فَتَعَلَّمْنَا الإِيمَانَ قَبْلَ أَنْ نَتَعَلَّمَ القُرْآنَ، ثُمَّ تَعَلَّمْنَا القُرْآنَ، فَازْدَدْنَا بِهِ إِيمَانًا.  
                        
[صحيح] - [رواه ابن ماجه] - [سنن ابن ماجه: 61]
                        
 المزيــد ... 
                    
জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, আৰু আমি আছিলোঁ শক্তিশালী তথা সক্ষম এদল যুৱক। আমি কোৰআন শিকাৰ আগতে ঈমান শিকিছিলোঁ। তাৰ পিছতহে কোৰআন শিকিছোঁ। ফলত আমাৰ ঈমান বৃদ্ধি পাইছিল। 
                                                     
                                                                                                    
[ছহীহ] - [(ইবনে মাজাহ)] - [ছুনান ইবনে মাজাহ - 61]                                            
হাদীছটোত জুন্দুব বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহচৰ্য্যত আছিলোঁ, আৰু আমি আছিলোঁ প্ৰাপ্তবয়স্কত উপনীত হোৱাৰ বয়সত, শক্তিশালী তথা মজবুত আছিলোঁ। সেই সময়ছোৱাত আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআন শিকাৰ আগতে ঈমান সম্পৰ্কে শিকিছিলোঁ। ইয়াৰ পিছত আমি কোৰআন শিকিছিলোঁ, ফলত আমাৰ ঈমান বৃদ্ধি হৈছিল।