عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَا مِنَ الأَنْبِيَاءِ نَبِيٌّ إِلَّا أُعْطِيَ مَا مِثْلهُ آمَنَ عَلَيْهِ البَشَرُ، وَإِنَّمَا كَانَ الَّذِي أُوتِيتُ وَحْيًا أَوْحَاهُ اللَّهُ إِلَيَّ، فَأَرْجُو أَنْ أَكُونَ أَكْثَرَهُمْ تَابِعًا يَوْمَ القِيَامَةِ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 4981]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"প্ৰত্যেক নবীকেই তেওঁৰ যুগৰ প্ৰয়োজন মুতাবিক কিছুমান মুজিঝা প্ৰদান কৰা হৈছিল, যিবোৰ দেখি মানুহে তেওঁৰ ওপৰত ঈমান আনিছিল। পক্ষান্তৰে মোক যি মুজিঝা প্ৰদান কৰা হৈছে, সেয়া হৈছে অহী, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে, (অৰ্থাৎ কোৰআন)। গতিকে মই আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ অনুসাৰীসকলৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 4981]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, মহান আল্লাহে প্ৰতিজন নবীকেই কিছুমান নিদৰ্শন আৰু মুজিঝা তথা অলৌকিকতা প্ৰদান কৰিছিল, যিবোৰৰ দ্বাৰা তেওঁলোকৰ নুবুওৱতৰ প্ৰমাণ সাব্যস্ত কৰিছে, যাতে যিসকলে এইবোৰ দেখিব তেওঁলোকে যেন ঈমান পোষণ কৰে। এইবোৰ আছিল এক প্ৰকাৰ প্ৰত্যাহ্বান, যিবোৰৰ কোনেও মোকাবিলা কৰিব নোৱাৰে। তথাপিও কিছুমানে স্বৈৰাচাৰিতা আৰু হঠকাৰিতা অৱলম্বন কৰি অস্বীকাৰ কৰিছিল। আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা আটাইতকৈ ডাঙৰ মুজিঝাটো হৈছে আল-কোৰআন, যিখন তেখেতৰ প্ৰতি অহী কৰা হৈছে। ইয়াৰ ভিতৰত আছে স্পষ্ট তথা চিৰস্থায়ী মুজিঝা, ইয়াৰ ওপৰিও বহুতো উপকাৰ, ব্যাপক কল্যাণ, আহ্বান, দলীল-প্ৰমাণ, পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী বহুতো দুৰ্লভ সংবাদ। উপস্থিত অনুপস্থিত সকলোৰে বাবে তথা যিয়ে পাইছে আৰু যিয়ে পাব সেই সকলোৰে বাবে এইখন অত্যন্ত উপকাৰী। ইয়াৰ পিছত তেখেতে কৈছেঃ আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।