عَنْ قَتَادَةَ قَالَ:
سُئِلَ أَنَسٌ كَيْفَ كَانَتْ قِرَاءَةُ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ؟ فَقَالَ: «كَانَتْ مَدًّا»، ثُمَّ قَرَأَ: {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ} [الفاتحة: 1] يَمُدُّ بِبِسْمِ اللَّهِ، وَيَمُدُّ بِالرَّحْمَنِ، وَيَمُدُّ بِالرَّحِيمِ.
[صحيح] - [رواه البخاري] - [صحيح البخاري: 5046]
المزيــد ...
ক্বাতাদাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আনাছ ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কিৰাআত কৰিছিল? তেওঁ ক'লেঃ তেখেতে টানি টানি কিৰাআত কৰিছিল। ইয়াৰ পিছত তেওঁ কিৰাআত কৰি দেখুৱাই ক'লেঃ {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ} (ছুৰা আল-ফাতিহাঃ ১) তেখেতে বিছমিল্লাহ টানিছিল, তাৰ পিছত ৰাহমান টানিছিল, ইয়াৰ পিছত ৰাহীম টানি পাঠ কৰিছিল।
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 5046]
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুক প্ৰশ্ন কৰা হ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কোৰআন তিলাৱত কৰিছিল। তেওঁ উত্তৰত ক'লে যে, তেখেতে ধীৰ স্থিৰে টানি টানি কোৰআন তিলাৱত কৰিছিল। তেখেতে বিছমিল্লাহৰ লাম টানিছিল, আৰু ৰাহমানত থকা মীম টানিছিল, এইদৰে ৰাহীমত থকা হা টানি পঢ়িছিল।