عَنْ أَبِي عَبْدِ الرَّحْمَنِ السُّلَمي رحمه الله قَالَ:
حَدَّثَنَا مَنْ كَانَ يُقْرِئُنَا مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُمْ كَانُوا يَقْتَرِئُونَ مِنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَشْرَ آيَاتٍ، فَلَا يَأْخُذُونَ فِي الْعَشْرِ الْأُخْرَى حَتَّى يَعْلَمُوا مَا فِي هَذِهِ مِنَ الْعِلْمِ وَالْعَمَلِ، قَالُوا: فَعَلِمْنَا الْعِلْمَ وَالْعَمَلَ.

[حسن] - [رواه أحمد]
المزيــد ...

আবু আব্দুৰ ৰহমান আচ-ছুলামী ৰাহিমাহুল্লাহে কৈছেঃ
চাহাবাসকলৰ মাজৰ যিসকলে আমাক শিকাইছে তেওঁলোকে বৰ্ণনা কৰিছে যে, তেওঁলোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল। তেওঁলোকে কৈছেঃ আমি জ্ঞান আৰু আমল একেলগে শিকিছিলোঁ।

হাছান - ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছে

ব্যাখ্যা

চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআনৰ দহটাকৈ আয়াত শিকিছিল, আৰু তেওঁলোকে পৰৱৰ্তী আয়াতলৈ তেতিয়ালৈকে আগবঢ়া নাছিল যেতিয়ালৈকে তেওঁলোকে সেই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ কৰা নাছিল তথা তাৰ প্ৰতি আমল কৰা নাছিল। এতেকে তেওঁলোকে ইল্ম আৰু আমল একেলগে শিকিছিল।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত চাহাবাসকলৰ ফজিলত বৰ্ণিত হৈছে, লগতে কোৰআন শিকাৰ প্ৰতি থকা তেওঁলোকৰ আগ্ৰহৰ বিষয়টো উল্লেখ হৈছে।
  2. কোৰআন শিকাৰ মূল উদ্দেশ্য হৈছে, জ্ঞান অৰ্জন কৰা আৰু সেইমতে আমল কৰা। কেৱল তিলাৱত কৰা আৰু মুখস্থ কৰাটোৱে ইয়াৰ উদ্দেশ্য হ'ব নালাগে।
  3. কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰা জৰুৰী।
অধিক