عَنْ أَبِي عَبْدِ الرَّحْمَنِ السُّلَمي رحمه الله قَالَ:
حَدَّثَنَا مَنْ كَانَ يُقْرِئُنَا مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنَّهُمْ كَانُوا يَقْتَرِئُونَ مِنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَشْرَ آيَاتٍ، فَلَا يَأْخُذُونَ فِي الْعَشْرِ الْأُخْرَى حَتَّى يَعْلَمُوا مَا فِي هَذِهِ مِنَ الْعِلْمِ وَالْعَمَلِ، قَالُوا: فَعَلِمْنَا الْعِلْمَ وَالْعَمَلَ.

[حسن] - [رواه أحمد] - [مسند أحمد: 23482]
المزيــد ...

আবু আব্দুৰ ৰহমান আচ-ছুলামী ৰাহিমাহুল্লাহে কৈছেঃ
চাহাবাসকলৰ মাজৰ যিসকলে আমাক শিকাইছে তেওঁলোকে বৰ্ণনা কৰিছে যে, তেওঁলোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল। তেওঁলোকে কৈছেঃ আমি জ্ঞান আৰু আমল একেলগে শিকিছিলোঁ।

[হাছান] - [(আহমদ)] - [মুছনাদ আহমদ - 23482]

ব্যাখ্যা

চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআনৰ দহটাকৈ আয়াত শিকিছিল, আৰু তেওঁলোকে পৰৱৰ্তী আয়াতলৈ তেতিয়ালৈকে আগবঢ়া নাছিল যেতিয়ালৈকে তেওঁলোকে সেই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ কৰা নাছিল তথা তাৰ প্ৰতি আমল কৰা নাছিল। এতেকে তেওঁলোকে ইল্ম আৰু আমল একেলগে শিকিছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত চাহাবাসকলৰ ফজিলত বৰ্ণিত হৈছে, লগতে কোৰআন শিকাৰ প্ৰতি থকা তেওঁলোকৰ আগ্ৰহৰ বিষয়টো উল্লেখ হৈছে।
  2. কোৰআন শিকাৰ মূল উদ্দেশ্য হৈছে, জ্ঞান অৰ্জন কৰা আৰু সেইমতে আমল কৰা। কেৱল তিলাৱত কৰা আৰু মুখস্থ কৰাটোৱে ইয়াৰ উদ্দেশ্য হ'ব নালাগে।
  3. কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰা জৰুৰী।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক