عَنْ أَبِي هُرَيْرَةَ رضي الله عنه عَنْ رَسُولِ اللهِ صلى الله عليه وسلم أنه قال:
«وَالَّذِي نَفْسُ مُحَمَّدٍ بِيَدِهِ لَا يَسْمَعُ بِي أَحَدٌ مِنْ هَذِهِ الْأُمَّةِ يَهُودِيٌّ وَلَا نَصْرَانِيٌّ، ثُمَّ يَمُوتُ وَلَمْ يُؤْمِنْ بِالَّذِي أُرْسِلْتُ بِهِ إِلَّا كَانَ مِنْ أَصْحَابِ النَّارِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 153]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
“সেই সত্ত্বাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান, মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো যদি সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী হ'ব।”

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 153]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ শপত খাই কৈছে যে, এই উম্মতৰ যি ব্যক্তিয়েই তেখেতৰ বিষয়ে শুনিব, সি ইয়াহুদী হওক বা খ্ৰীষ্টান নাইবা আন কোনো ধৰ্মৰ, সেই ব্যক্তি যদি তেখেতৰ প্ৰতি ঈমান পোষণ নকৰাকৈয়ে মৃত্যুবৰণ কৰে তেন্তে সি চিৰস্থায়ীভাৱে জাহান্নামী হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালত গোটেই বিশ্ববাসীৰ বাবে সমান, লগতে তেখেতৰ অনুসৰণ কৰা অনিবাৰ্য, কাৰণ তেখেতৰ চৰীয়তৰ দ্বাৰা অন্যান্য সকলো চৰীয়তকে ৰহিত কৰা হৈছে।
  2. যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰিব, সি আন কোনো নবীৰ ওপৰত ঈমান পোষণ কৰাৰ দাবী কৰিলেও সেই দাবী ফলপ্ৰসূ নহ'ব। আল্লাহে সকলো নবীৰ ওপৰতে শান্তি বৰ্ষণ কৰক।
  3. আনহাতে যি ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে শুনা নাই, তথা যিয়ে ইছলামৰ দাৱাত পোৱাই নাই, তেনে ব্যক্তিৰ বিষয়টো সুকীয়া। এনেকুৱা ব্যক্তিৰ বিষয়টো আখিৰাতত আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰিব।
  4. ইছলামৰ দ্বাৰা উপকৃত হ'ব পাৰিব যদিও মৃত্যুৰ পূৰ্বে ঈমান পোষণ কৰে, তথা তীব্ৰ অসুস্থতাৰ সময়ত ইছলাম গ্ৰহণ কৰে। কিন্তু প্ৰাণ ডিঙিলৈ গুচি অহাৰ পিছত ইছলাম গ্ৰহণ কৰিলে সেইটো কোনো কামত নাহিব।
  5. অমুছলিমসকলৰ ধৰ্মৰ সংশোধন কৰিব লাগিব, উদাহৰণস্বৰূপে ইয়াহুদী আৰু খ্ৰীষ্টান ধৰ্মও হৈছে কুফৰ।
  6. হাদীছটোত ইয়াহুদী আৰু খ্ৰীষ্টান ধৰ্মৰ নাম উল্লেখ কৰি অন্যান্য ধৰ্মৰ প্ৰতিও ইংগিত কৰিছে। কিয়নো এই দুটা আহলে কিতাব হোৱা সত্ত্বেও কোনো কামত নাহিব। এতেকে এই দুটা ধৰ্মৰ যদি এই অৱস্থা হয় তেন্তে যিবোৰ ধৰ্মৰ কোনো ঐশী কিতাবেই নাই সেইবোৰৰ কি অৱস্থা হ'ব। গতিকে প্ৰত্যেকেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধৰ্মত প্ৰৱেশ কৰা অনিবাৰ্য আৰু তেখেতৰ অনুসৰণ কৰা অনিবাৰ্য।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (57)
অধিক