عن أبي هريرة رضي الله عنه مرفوعًا: «والذي نفسُ مُحمَّد بيدِه، لا يسمعُ بي أحدٌ من هذه الأمة يهوديٌّ، ولا نصرانيٌّ، ثم يموتُ ولم يؤمن بالذي أُرْسِلتُ به، إلَّا كان مِن أصحاب النار».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা মাৰফূ চনদেৰে বৰ্ণিত, "c2">“যাৰ হাতত মুহাম্মদৰ জীৱন আছে তেওঁৰ শপত কৰি কৈছোঁ, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান যদি মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী।” ছহীহ - এইটো মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ শপত কৰি কৈছেঃ "c2">“এই উম্মতৰ যিয়েই তেখেতৰ বিষয়ে শুনিব” অৰ্থাৎ যিসকল তেখেতৰ যুগত উপস্থিত আছিল আৰু তাৰ পিছত কিয়ামত পর্যন্ত যিসকলে পৃথিৱীত আগমন কৰিব "c2">“সি ইয়াহুদীয়ে হওক বা খ্ৰীষ্টান, যদি সি মই লৈ অহা বাৰ্তাবোৰৰ ওপৰত ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে তেন্তে সি নিশ্চয় জাহান্নামী হ’ব”। অৰ্থাৎ ইয়াহুদী অথবা খ্ৰীষ্টান আৰু এইদৰে অন্যান্য যিসকলৰ ওচৰতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাৱাত পৌঁচি যাব, সিহঁতে যদি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে তেন্তে সিহঁত নিশ্চিতভাৱে জাহান্নামী হ’ব। তাত সিহঁত চিৰকাল থাকিব। ইয়াত অন্যান্যসকলক সতৰ্ক কৰিবলৈ ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ কথা উল্লেখ কৰা হৈছে। কাৰণ ইয়াহুদী আৰু খ্ৰীষ্টানসকল হৈছে আহলে কিতাব। গতিকে যিসকল আহলে কিতাব সিহঁতৰেই যদি এই অৱস্থা হয়, তেন্তে অন্যান্য যিসকলৰ কোনো কিতাব নাই সিহঁতৰ কি অৱস্থা হ’ব পাৰে । গতিকে সকলোৰে বাবে অনিবাৰ্য তেখেতৰ ধৰ্মত প্ৰৱেশ কৰা আৰু তেখেতৰ আনুগত্য মানি লোৱা।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি ব্যক্তিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমনৰ সংবাদ শুনা নাই আৰু যাৰ ওচৰত ইছলামৰ দাৱাত গৈ পোৱা নাই, সি অপাৰগ হিচাপে গণ্য হ’ব (উপৰোক্ত হাদীছৰ আওতাধীন নহয়)।
  2. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য কৰা ওৱাজিব। তেখেতৰ চৰীয়তৰ দ্বাৰা সকলো চৰীয়ত ৰহিত হৈছে। এতেকে যি ব্যক্তিয়ে তেখেতক অস্বীকাৰ কৰিব, অন্য নবীৰ প্ৰতি ঈমান পোষণ কৰিলেও তাৰ ঈমান কোনো কামত নাহিব।
  3. ইছলামৰ দ্বাৰা মৃত্যুৰ অকণমান পূৰ্বেও উপকৃত হ’ব পাৰিব, যদিও সি মাৰাত্মক বেমাৰত নাথাকক কিয়, যেতিয়ালৈকে সি মৃত্যুক চাক্ষুষ নেদেখিব।
  4. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যি ধৰ্ম লৈ আহিছে, সেই ধৰ্মৰ কোনো বিধান যিটো অকাট্য প্ৰমাণৰ দ্বাৰা প্ৰমাণিত হৈছে আৰু যাৰ ওপৰত গোটেই উম্মত একমত হৈছে, তেনেকুৱা কোনো বিধান অস্বীকাৰ কৰাটো হৈছে কুফৰী কাৰ্য।
অধিক