উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

যাৰ হাতত মুহাম্মদৰ জীৱন আছে তেওঁৰ শপত কৰি কৈছোঁ, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান, যদি মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে, যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী।
عربي ইংৰাজী ফৰাচী
মোৰ উম্মতৰ প্ৰত্যেকেই জান্নাতত প্ৰৱেশ কৰিব; কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিছে। প্ৰশ্ন কৰা হ’ল, হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিব। তেখেতে ক’লে: যিয়ে মোৰ অনুসৰণ কৰিব, সি জান্নাতত প্ৰৱেশ কৰিব; আৰু যিয়ে মোৰ অবাধ্যতা কৰিছে, সিয়েই অস্বীকাৰ কৰিছে।
عربي ইংৰাজী ফৰাচী
আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)
عربي ইংৰাজী ফৰাচী
সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।
عربي ইংৰাজী ফৰাচী
মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
عربي ইংৰাজী ফৰাচী
চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে।
عربي ইংৰাজী ফৰাচী
লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াৰ পৰা যি ওলায় সত্য কথাহে ওলায়।
عربي ইংৰাজী ফৰাচী