عن أبي هريرة رضي الله عنه مرفوعاً: «كل أمتي يدخلون الجنة إلا من أَبَى». قيل: ومَنْ يَأْبَى يا رسول الله؟ قال: «من أطاعني دخل الجنة، ومن عصاني فقد أَبَى».
[صحيح] - [رواه البخاري]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বর্ণিত, "c2">“মোৰ উম্মতৰ প্ৰত্যেকেই জান্নাতত প্ৰৱেশ কৰিব; কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিছে। প্ৰশ্ন কৰা হ’ল, হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিছে। তেখেতে ক’লে: যিয়ে মোৰ অনুসৰণ কৰিছে, তেওঁ জান্নাতত প্ৰৱেশ কৰিব; আৰু যিয়ে মোৰ অবাধ্যতা কৰিছে, দৰাচলতে সিয়েই অস্বীকাৰ কৰিছে।” ছহীহ – এই হাদীছটোক বুখাৰীয়ে বৰ্ণনা কৰিছে।
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক সুসংবাদ দি কৈছে যে, "c2">“মোৰ উম্মতৰ প্ৰত্যেকেই জান্নাতত প্ৰৱেশ কৰিব” ইয়াৰ দ্বাৰা ইছলাম গ্ৰহণ কৰা লোকসকলক বুজোৱা হৈছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তফাৎ বৰ্ণনা কৰি কৈছে, "c2">“কিন্তু যিয়ে অস্বীকাৰ কৰিব।” অর্থাৎ সিহঁতৰ মাজৰ যিসকলে আনুগত্য ত্যাগ কৰি নাফৰমানি কৰিব সিহঁতৰ বাহিৰে। কাৰণ, যিয়ে সেই মাধ্যমক ত্যাগ কৰিব যি মাধ্যমৰ বাহিৰে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহয়, দৰাচলতে এই ত্যাগ কৰাটোৱে সেইটোক অস্বীকাৰ কৰা বুজায়। হয়তো সিহঁতক কঠোৰতা প্রদর্শনপূর্বক এৰি দিয়া হৈছে, নাইবা উক্ত বাক্যৰ দ্বাৰা তেওঁ অমুছলিমসকলক বুজাইছে। অৰ্থাৎ সিহঁতে তেখেতৰ দাৱাত গ্রহণ নকৰি কুফৰী কৰিছে। চাহাবাসকলে প্ৰশ্ন কৰিলে, "c2">“হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিব?”। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰ দি ক’লে, "c2">“যিসকলে মোৰ অনুসৰণ কৰিব” অর্থাৎ মোৰ কথা মানিব আৰু মই যি লৈ আহিছোঁ তাৰ প্ৰতি আনুগত্য কৰিব "c2">“তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব”। আনহাতে "c2">“যিয়ে মোৰ অবাধ্যতা কৰিব” অৰ্থাৎ বিশ্বাস নকৰিব অথবা নিষিদ্ধ কৰ্মবোৰ কৰিব "c2">“সিয়েই অস্বীকাৰ কৰিব।” অর্থাৎ সি অস্বীকাৰ কৰাৰ মাধ্যমত নিজেই নিজৰ বেয়া পৰিণতি মাতি নিছে। ইয়াৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি, যিয়ে অস্বীকাৰ কৰিছে সি যদি কাফিৰ হয়; তেন্তে সি কোনোমতেই জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে যিয়ে অস্বীকাৰ কৰিছে সি যদি মুছলিম হয়, তেনেহ’লে সি তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, যেতিয়ালৈকে তাক জুইত নিক্ষেপ কৰি পৱিত্র কৰা নহ’ব। এনেকুৱা ব্যক্তিক অৱশেষত আল্লাহে ক্ষমা কৰি দিব, যদিও সকলো পাপকৰ্মই কৰিছে, কাৰণ তাক চিৰস্থায়ী শাস্তি দিয়া নহ’ব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহে বান্দাসকলক সৃষ্টি কৰিছে যাতে তেওঁলোকৰ প্ৰতি দয়া কৰিব পাৰে, আৰু তেওঁলোকক ৰহমতৰ ঘৰত প্ৰৱেশ কৰাব পাৰে।
  2. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ এজন বাৰ্তাবাহক।
  3. যিয়ে ৰাছুলৰ নাফৰমানি কৰে, সি দৰাচলতে আল্লাহৰ ৰহমতক প্রত্যাখ্যান কৰে।
  4. আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতাৰ ফলত জাহান্নাম ওৱাজিব হৈ পৰে।
  5. পৃথিৱী আৰু আখিৰাতত মানুহৰ মুক্তি নিহিত হৈ আছে ৰাছুলৰ আদর্শ অনুসৰণৰ মাজত।
  6. হাদীছটোৰ মাজত এই উম্মতৰ আনুগত্যকাৰীসকলৰ বাবে সবোর্চ্চ সু-সংবাদ প্ৰদান কৰা হৈছে। সেই সুসংবাদটো হৈছে এই যে, তেওঁলোক সকলোৱে জান্নাতত প্ৰৱেশ কৰিব, কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নাফৰমানী কৰিছে আৰু প্রবৃত্তিৰ অনুসৰণ কৰিছে।
অধিক