+ -

عن أبي هريرة رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«كَلِمَتَانِ خَفِيفَتَانِ عَلَى اللِّسَانِ، ثَقِيلَتَانِ فِي الْمِيزَانِ، حَبِيبَتَانِ إِلَى الرَّحْمَنِ: سُبْحَانَ اللهِ الْعَظِيمِ، سُبْحَانَ اللهِ وَبِحَمْدِهِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6406]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
“দুটা বাক্য দয়াময় আল্লাহৰ খুবেই প্ৰিয়, সেই দুটা উচ্চাৰণ কৰিবলৈও খুবেই সহজ, তুলাচনীত হ'ব অতি গধূৰ।সেয়া হৈছে: سُبْحَانَ اللَّهِ وَبِحَمْدِهِ سُبْحَانَ اللَّهِ الْعَظِيمِ ছুবহা-নাল্লাহি অবিহামদিহি, ছুবাহা-নাল্লাহিল আজীম। (মহান আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা একমাত্ৰ তেওঁৰেই। আল্লাহ অতি পৱিত্ৰ, তেওঁ অত্যন্ত মহান।।”

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6406]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে দুটা বাক্য সম্পৰ্কে জনাইছে যে, মানুহে সকলো সময়তে সেই দুটা বাক্যক খুব সহজে উচ্চাৰণ কৰিব পাৰে, আৰু মীজানত সেই দুটা বাক্যৰ ছোৱাব অত্যন্ত গধূৰ হ'ব, আমাৰ দয়াময় প্ৰতিপালক মহান আল্লাহে সেই বাক্য দুটাক খুবেই পছন্দ কৰে।
سُبْحَانَ اللَّهِ وَبِحَمْدِهِ سُبْحَانَ اللَّهِ الْعَظِيمِ ছুবহা-নাল্লাহি অবিহামদিহি, ছুবাহা-নাল্লাহিল আজীম। এই বাক্য দুটা অতি প্ৰিয় হোৱাৰ কাৰণ হৈছে, ইয়াৰ ভিতৰত মহান আল্লাহৰ পূৰ্ণাংগ গুণাৱলী আৰু মহত্বৰ কথা উল্লেখ আছে, আৰু তেখেতক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সৰ্বোত্তম দুআ হৈছে সেইটো, যিটো দুআত আল্লাহক সকলো প্ৰকাৰ দোষ-ত্রুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে আৰু তেওঁৰ প্ৰশংসা কৰা হৈছে।
  2. বান্দাৰ প্ৰতি আল্লাহৰ অপৰিসীম ৰহমতৰ বৰ্ণনা, কাৰণ তেওঁ সামান্য আমলৰ প্ৰতিদানো অধিক বৃদ্ধিকৈ প্ৰদান কৰে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক