+ -

عن أبي هريرة رضي الله عنه قال:
سُئِلَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنْ أَكْثَرِ مَا يُدْخِلُ النَّاسَ الْجَنَّةَ، فَقَالَ: «تَقْوَى اللهِ وَحُسْنُ الْخُلُقِ»، وَسُئِلَ عَنْ أَكْثَرِ مَا يُدْخِلُ النَّاسَ النَّارَ فَقَالَ: «الْفَمُ وَالْفَرْجُ».

[حسن صحيح] - [رواه الترمذي وابن ماجه وأحمد] - [سنن الترمذي: 2004]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে।” লগতে প্ৰশ্ন কৰা হ'ল যে, কোনটো কৰ্মৰ কাৰণে অধিক মানুহে জাহান্নামত প্ৰৱেশ কৰিব? তেখেতে ক'লে: “মুখ আৰু লজ্জাস্থানৰ কাৰণে।”

[হাছান ছহীহ] - [(তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [ছুনান তিৰমিজী - 2004]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিবোৰ কাৰণত মানুহে জান্নাতত প্রৱেশ কৰিব তাৰে মাজৰ সৰ্বাধিক ডাঙৰ দুটা কাৰণ হৈছে:
আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰ।
আল্লাহৰ তাক্বৱা অৱলম্বনৰ অৰ্থ হৈছে, নিজৰ আৰু আল্লাহৰ শাস্তিৰ মাজত এটা ব্যৱধান সৃষ্টি কৰা। এই ব্যৱধান সৃষ্টি কৰিবলৈ হ'লে আল্লাহৰ আদেশ পালন কৰিব লাগিব আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকিব লাগিব।
আৰু উত্তম চৰিত্রৰ দ্বাৰা বুজোৱা হৈছে যেনে- হাঁহিমুখে সাক্ষাৎ কৰা, আনৰ উপকাৰ কৰা, কাকো কষ্ট নিদিয়া আদি।
আনহাতে জাহান্নামত যোৱাৰ কাৰণসমূহৰ মাজত অন্যতম ডাঙৰ দুটা কাৰণ হৈছেঃ
জিভা আৰু লজ্জাস্থান।
জিভাৰ দ্বাৰা হোৱা গুনাহসমূহ হৈছে যেনে- মিছা কথা কোৱা, গীবত কৰা বা আনৰ সমালোচনা কৰা, চোগলী কৰা বা খলুৱাগিৰি কৰা ইত্যাদি।
লজ্জাস্থানৰ দ্বাৰা হোৱা গুনাহসমূহ যেনে- ব্যভিচাৰ কৰা, সমকামিতা ইত্যাদি।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জান্নাতত যোৱাৰ কিছুমান কাৰণ হৈছে আল্লাহৰ সৈতে জড়িত, উদাহৰণস্বৰূপে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আনহাতে কিছুমান কাৰণ হৈছে মানুহৰ সৈতে সম্পৃক্ত যেনে- মানুহৰ সৈতে সদাচৰণ কৰা তথা উত্তম চৰিত্ৰ অৱলম্বন কৰা।
  2. মানুহৰ বাবে জিভাৰ ফিতনা অতিকৈ মাৰাত্মক। এইটো জাহান্নামত যোৱাৰ অন্যতম কাৰণ।
  3. মানুহৰ বাবে প্ৰবৃত্তিৰ কামনা-বাসনা আৰু অশ্লীলতাৰ ভয়াৱহতাও মাৰাত্মক। জাহান্নামত প্ৰৱেশ কৰাৰ এইটোৱে হৈছে অন্যতম এটা ডাঙৰ কাৰণ।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক