+ -

عن عبد الله بن عمر رضي الله عنهما قال:
سَمِعَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلًا يَعِظُ أَخَاهُ فِي الْحَيَاءِ، فَقَالَ: «الْحَيَاءُ مِنَ الْإِيمَانِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 36]
المزيــد ...

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
কোনো এজন ব্যক্তিয়ে তাৰ ভায়েকক লজ্জা সম্পৰ্কে উপদেশ দি আছিল, (অৰ্থাৎ তাক বেছি লাজ কৰিবলৈ নিষেধ কৰি আছিল) এই কথা শুনা পাই নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “লজ্জা হৈছে ঈমানৰ অংগ।”

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 36]

ব্যাখ্যা

কোনো এজন ব্যক্তিয়ে তাৰ ভাতৃক অধিক লজ্জা পৰিহাৰ কৰিবলৈ উপদেশ দি আছিল। এই কথা শুনা পাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লে, লজ্জা হৈছে ঈমান অংগ। লজ্জাই মানুহৰ কাৰণে কল্যাণ কঢ়িয়াই আনে।
লজ্জাশীলতা হৈছে এটা উত্তম চৰিত্ৰ, যিয়ে ভাল কাম কৰিবলৈ আৰু বেয়া কাম পৰিহাৰ কৰিবলৈ উৎসাহিত কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি লজ্জাই মানুহক ভাল কাম কৰিবলৈ বাধা দিয়ে, সেইটো দৰাচলতে হায়া নহয়; বৰং সেইটো হৈছে লাজুকতা, অসহায়ত্ব, ভীৰুতা আৰু কাপুৰুষতা।
  2. হায়া বা লজ্জা হৈছে মহান আল্লাহৰ পৰা লাভ কৰা এটা বিশেষ গুণ, যিটো তেওঁৰ আদেশ পালনৰ মাধ্যমত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ মাধ্যমত অৰ্জন হয়।
  3. সৃষ্টিৰ প্ৰতি হায়া কৰাৰ অৰ্থ হৈছে তেওঁলোকক সন্মান কৰা, আৰু তেওঁলোকৰ মৰ্যাদা অনুযায়ী তেওঁলোকক মূল্যায়ন কৰা, লগতে সচৰাচৰ যিটো কৰ্ম বেয়া বুলি পৰিচিত সেইটোক বৰ্জন কৰা।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক