+ -

عَنْ حَكِيمِ بْنِ حِزَامٍ رَضِيَ اللَّهُ عَنْهُ، قَالَ:
قُلْتُ: يَا رَسُولَ اللَّهِ، أَرَأَيْتَ أَشْيَاءَ كُنْتُ أَتَحَنَّثُ بِهَا فِي الجَاهِلِيَّةِ مِنْ صَدَقَةٍ أَوْ عَتَاقَةٍ، وَصِلَةِ رَحِمٍ، فَهَلْ فِيهَا مِنْ أَجْرٍ؟ فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَسْلَمْتَ عَلَى مَا سَلَفَ مِنْ خَيْرٍ».

[صحيح] - [متفق عليه]
المزيــد ...

হাকিম বিন হিঝাম -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে (ছোৱাবৰ নিয়তেৰে) চাদাক্বাহ কৰিছিলোঁ, দাস মুক্ত কৰিছিলোঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিলোঁ, গতিকে সেইবোৰৰ বাবে মই ছোৱাব পামনে? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তুমি সেইবোৰ ভাল কাম কৰাৰ কাৰণেই ইছলাম গ্ৰহণ কৰিব পাৰিছা। (তুমি সেইবোৰ কামৰ ছোৱাব নিশ্চয় পাবা।)

صحيح - متفق عليه

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা স্পষ্ট কৰিছে যে, যেতিয়া কোনো কাফিৰ ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰে, সেই ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে যিবোৰ নেক আমল কৰিছিল যেনে- চাদাক্বাহ-খয়ৰাত, দাস মুক্ত কৰা, আত্মীয়তাৰ বন্ধন ৰক্ষা কৰা আদি নেক আমলৰো ছোৱাব লাভ কৰে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিচ ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী ভিয়েতনামীজ হাউছা মালয়ালম তেলেগু ছাৱাহিলী বৰ্মী থাই পুস্তু আল বানিয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইয়োৰুবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰৱাণ্ডা
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৰ দ্বাৰা এই কথা বুজা গ'ল যে, কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যিবোৰ সৎকৰ্ম কৰে, আখিৰাতত তাক সেইবোৰৰ ছোৱাব দিয়া নহ'ব, যদি সি কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।
শ্ৰেণীবিন্যাসসমূহ
অধিক