عَنْ حَكِيمِ بْنِ حِزَامٍ رَضِيَ اللَّهُ عَنْهُ، قَالَ:
قُلْتُ: يَا رَسُولَ اللَّهِ، أَرَأَيْتَ أَشْيَاءَ كُنْتُ أَتَحَنَّثُ بِهَا فِي الجَاهِلِيَّةِ مِنْ صَدَقَةٍ أَوْ عَتَاقَةٍ، وَصِلَةِ رَحِمٍ، فَهَلْ فِيهَا مِنْ أَجْرٍ؟ فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَسْلَمْتَ عَلَى مَا سَلَفَ مِنْ خَيْرٍ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1436]
المزيــد ...

হাকিম বিন হিঝাম -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে (ছোৱাবৰ নিয়তেৰে) চাদাক্বাহ কৰিছিলোঁ, দাস মুক্ত কৰিছিলোঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিলোঁ, গতিকে সেইবোৰৰ বাবে মই ছোৱাব পামনে? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তুমি সেইবোৰ ভাল কাম কৰাৰ কাৰণেই ইছলাম গ্ৰহণ কৰিব পাৰিছা। (তুমি সেইবোৰ কামৰ ছোৱাব নিশ্চয় পাবা।)

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1436]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এই কথা স্পষ্ট কৰিছে যে, যেতিয়া কোনো কাফিৰ ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰে, সেই ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে যিবোৰ নেক আমল কৰিছিল যেনে- চাদাক্বাহ-খয়ৰাত, দাস মুক্ত কৰা, আত্মীয়তাৰ বন্ধন ৰক্ষা কৰা আদি নেক আমলৰো ছোৱাব লাভ কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোৰ দ্বাৰা এই কথা বুজা গ'ল যে, কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যিবোৰ সৎকৰ্ম কৰে, আখিৰাতত তাক সেইবোৰৰ ছোৱাব দিয়া নহ'ব, যদি সি কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
শ্ৰেণীবিন্যাসসমূহ
অধিক