عن أبي سعيد الخدري رضي الله عنه أن رسول الله -صلى الله وعليه وسلم- قال: «لا ضَرَرَ ولا ضِرَارَ».
[صحيح] - [رواه ابن ماجه من حديث أبي سعيد الخدري -رضي الله عنه- ومن حديث عبادة بن الصامت -رضي الله عنه-. ورواه أحمد من حديث عبادة بن الصامت -رضي الله عنه-. ورواه مالك من حديث عمرو بن يحي المازني مرسلا]
المزيــد ...

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“আনৰ ক্ষতি কৰাও উচিত নহয়; ক্ষতিৰ সন্মুখীন হোৱাও উচিত নহয়।” ছহীহ - ইবনে মাজাই হাদীছটো বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটো চৰীয়তৰ বিধানৰ ক্ষেত্ৰত, আখলাকৰ ভিত্তিসমূহৰ ক্ষেত্ৰত আৰু মানুহৰ লগত লেন-দেনৰ ক্ষেত্রত ইছলামৰ এটা নীতিৰ দৃষ্টান্ত দাঙি ধৰিছে। সেইটো হৈছে ক্ষতিৰ যিমানবোৰ প্ৰকাৰ তথা ৰূপ আছে, সেইবোৰ মানুহৰ পৰা দূৰীভূত কৰা। এতেকে ক্ষতি কৰা হাৰাম আৰু ক্ষতি দূৰীভূত কৰা হৈছে ওৱাজিব। ক্ষতিৰ দ্বাৰা কেতিয়াও ক্ষতিক দূৰ কৰা সম্ভৱ নহয়। সেইকাৰণেই ক্ষতি কৰা হাৰাম।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ‘জাৱামিউল কালিম’ (কম কথাত অধিক অৰ্থ বুজোৱাৰ পাণ্ডিত্য) প্ৰদান কৰা হৈছিল। ইয়াৰ বহুতো উদাহৰণ আছে। এইটো দৰাচলতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটা বৈশিষ্ট্য।
  2. ক্ষতিক দূৰীভূত কৰিব লাগে।
  3. সমপৰিমাণৰ অধিক প্ৰতিশোধ লোৱা নিষিদ্ধ।
  4. আল্লাহে তেওঁৰ বান্দাসকলক এনেকুৱা কোনো আদেশ প্ৰদান কৰা নাই যিটো সিহঁতৰ বাবে ক্ষতিকাৰক।
  5. নেতিবাচকটো আদেশসূচক অৰ্থত ব্যৱহাৰ হৈছে।
  6. ক্ষতি কৰা হাৰাম। কথা, কৰ্ম অথবা ত্যাগ আদি যি মাধ্যমতেই নহওক কিয়।
  7. ইছলামেই হৈছে শান্তি আৰু নিৰাপত্তাৰ ধর্ম।
  8. এই হাদীছটোক চৰীয়তৰ এটা অন্যতম নীতি হিচাপে গণ্য কৰা হয়। সেয়া হৈছে চৰীয়তে প্ৰথমে কৰা ক্ষতিক সমর্থন নকৰে আৰু প্রতিশোধ গ্রহণ কৰাৰ ক্ষেত্রতো অধিক ক্ষতিক নিন্দা কৰে।
  9. ضرر আৰু ضرار ৰ মাজত কিবা পাৰ্থক্য আছে নে নাই? কিছুমানে কৈছে, দুয়োটা শব্দৰ অৰ্থ একেই, গুৰুত্ব বুজাবলৈ দুটা শব্দ ব্যৱহাৰ কৰা হৈছে। কিন্তু প্রসিদ্ধ অভিমত হৈছে উভয়ৰে মাজত পাৰ্থক্য আছে। লগতে এই কথাও কোৱা হৈছে যে, ضرر হৈছে বিশেষ্য আৰু ضرار হৈছে ক্রিয়া। এতেকে ইয়াৰ অৰ্থ হৈছে স্বয়ংক্ৰিয় ক্ষতিৰো চৰীয়তত অনুমতি নাই আৰু অন্যায়ভাৱে আনৰ ক্ষতি কৰাটোও নিষিদ্ধ। আকৌ আন কিছুমানৰ মতে, ضرر হৈছে আনক ক্ষতি কৰি নিজে উপকৃত হোৱা, আৰু ضرار হৈছে আনক এনেকুৱা ক্ষতি কৰা যিটোৰ দ্বাৰা নিজৰ কোনো উপকাৰ নহয়। এই মতটোক যিসকলে প্রাধান্য দিছে তেওঁলোকৰ মাজত আছে ইবনু আব্দিল বাৰ্ৰ আৰু ইবনুচ চলাহ। আন কিছুমান লোকে কৈছে, ضرر হৈছে এনেকুৱা লোকক ক্ষতি কৰা যিয়ে তাক কোনো ক্ষতি কৰা নাই, পক্ষান্তৰে ضرار হৈছে, এনেকুৱা লোকক অন্যায়ভাৱে ক্ষতি কৰা যিয়ে তাক ক্ষতি কৰিছিল। যিয়ে নহওক, বুজা গ’ল সকলো অৱস্থাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামেضرر আৰু ضرار উভয়কে নিষিদ্ধ কৰিছে।