+ -

عن أبي هريرة رضي الله عنه: أن رسول الله صلى الله عليه وسلم قال:
«يَنْزِلُ رَبُّنَا تَبَارَكَ وَتَعَالَى كُلَّ لَيْلَةٍ إِلَى السَّمَاءِ الدُّنْيَا حِينَ يَبْقَى ثُلُثُ اللَّيْلِ الْآخِرُ، يَقُولُ: «مَنْ يَدْعُونِي فَأَسْتَجِيبَ لَهُ؟ مَنْ يَسْأَلُنِي فَأُعْطِيَهُ؟ مَنْ يَسْتَغْفِرُنِي فَأَغْفِرَ لَهُ؟».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1145]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা বিচাৰিব মই তাক দান কৰিম? আছেনে কোনোবা যিয়ে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব মই তাক ক্ষমা কৰিম?

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1145]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে প্ৰত্যেক ৰাতিৰ শেষ তৃতীয়াংশত পৃথিৱীৰ আকাশলৈ নামি আহে আৰু তেওঁৰ বান্দাসকলক দুআ কৰিবলৈ উৎসাহিত কৰে যে তেওঁ দুআকাৰীৰ দুআ কবূল কৰিবলৈ প্ৰস্তুত, লগতে সিহঁতক নিজৰ প্ৰয়োজন পূৰণৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰি কয় যে, যিয়ে তেওঁৰ ওচৰত কিবা খুজিব, তেওঁ তাক প্ৰদান কৰিব। এইদৰে তেওঁ সিহঁতক গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰি কয় যে, তেওঁ মুমিন বান্দাসকলক ক্ষমা কৰি দিয়ে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰাতিৰ শেষ তৃতীয়াংশত নামাজ আৰু দুআ কৰাৰ তথা ক্ষমা প্ৰাৰ্থনা কৰাৰ গুৰুত্ব।
  2. এই হাদীছ শুনাৰ পিছত প্ৰত্যেক ব্যক্তিয়ে দুআ কবূল হোৱা সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক