1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আল্লাহৰ প্ৰতি আহ্বান আৰু সংস্কাৰমূলক বিষয়

হাদীছ তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।

عَنِ عَائِشَةَ أُمِّ المُؤْمِنين رَضيَ اللهُ عنها زَوْجَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
أَنَّ الْحَوْلَاءَ بِنْتَ تُوَيْتِ بْنِ حَبِيبِ بْنِ أَسَدِ بْنِ عَبْدِ الْعُزَّى مَرَّتْ بِهَا وَعِنْدَهَا رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقُلْتُ: هَذِهِ الْحَوْلَاءُ بِنْتُ تُوَيْتٍ، وَزَعَمُوا أَنَّهَا لَا تَنَامُ اللَّيْلَ، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لَا تَنَامُ اللَّيْلَ! خُذُوا مِنَ الْعَمَلِ مَا تُطِيقُونَ، فَوَاللهِ لَا يَسْأَمُ اللهُ حَتَّى تَسْأَمُوا».

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে,
হাওলা বিন্তে তুৱাইত ইবনে হাবীব ইবনে আছাদ ইবনে আব্দিল উজ্জা তেওঁৰ ওচৰত আছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অহাৰ লগে লগে তাই উঠি গুচি গ'ল। (তেওঁ কৈছে) মই ক'লোঁ: 'এইজনী হৈছে হাওলা বিন্তে তুৱাইত। তেওঁৰ বিষয়ে লোকসকলৰ ধাৰণা যে, তেওঁ ৰাতি নুশুৱে।' তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "তাই ৰাতি নুশুৱে? তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 785

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত হাওলা বিন্তে তুৱাইত (ৰাদ্বিয়াল্লাহু আনহা) উপস্থিত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সোমাই অহাৰ লগে লগে তাই ওলাই গ'ল। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক'লেঃ এই মহিলাজনীয়ে ৰাতি নুশুৱে, বৰং ৰাতি উজাগৰে থাকি নামাজ পঢ়ে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ নিজৰ ওপৰত কৰা এই কঠোৰ আচৰণক নিন্দা কৰি (আশ্চৰ্য্য প্ৰকাশ কৰি) ক'লেঃ তাই ৰাতি নুশুৱে! শুনা তোমালোকে সাধ্য অনুসৰি নিয়মীয়াকৈ সৎকৰ্মসমূহ কৰিবা। আল্লাহৰ শপত! আল্লাহে তেওঁৰ বান্দাহসকলক তেওঁলোকৰ ইবাদত, সৎকৰ্ম আৰু ভাল কামৰ পুৰস্কাৰ দিয়াৰ ক্ষেত্ৰত কেতিয়াও ক্লান্ত নহয়, বৰং সিহঁতে আমল কৰি কৰি এটা সময়ত ক্লান্ত হৈ আমল পৰিত্যাগ কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. শৰীৰৰ সাধ্যাতীত ইবাদত কৰিলে ক্লান্তি আৰু অলসতা আহে, যাৰ ফলত এটা পৰ্যায়ত ইবাদত পৰিত্যাগ কৰিবলগীয়া হয়।
  2. ইবাদতত মধ্যম পন্থা অবলম্বন কৰাটোৱে হৈছে ইয়াৰ স্থায়িত্ব আৰু ধাৰাবাহিকতা ৰক্ষাৰ অন্যতম উপায়।
  3. মাজে মাজে বেছি আমল কৰাতকৈ নিয়মিত কম আমল কৰাটোৱে হৈছে অধিক উপকাৰী।
  4. ইমাম নাৱাৱীয়ে কৈছে: পৰিমাণত কম কিন্তু নিয়মীয়াকৈ আল্লাহৰ জিকৰ-আজকাৰ, তেওঁৰ প্ৰতি সজাগ দৃষ্টি ৰখা, ইখলাচ (একনিষ্ঠতা) আৰু আল্লাহৰ ফালে মনোনিৱেশ অব্যাহত ৰাখিলে ইবাদত স্থায়ী হয়। ইয়াৰ বিপৰীতে বেছি পৰিমাণে কষ্টদায়ক ইবাদত কৰাতকৈ এই অলপ কিন্তু স্থায়ী ইবাদত কৰাটোৱে হৈছে বহুগুণে শ্ৰেয়, কিয়নো ইয়াৰ পৰিমাণ সময়ৰ লগে লগে বৃদ্ধি পায়।

অনুবাদ চাওক

37 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
MY မြန်မာ البورمية
TH ไทย التايلندية
PS پښتو بشتو
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
KN ಕನ್ನಡ الكانادا
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية