عَنْ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ قَالَ:
قَدِمَ أُنَاسٌ مِنْ عُكْلٍ أَوْ عُرَيْنَةَ، فَاجْتَوَوْا المَدِينَةَ فَأَمَرَهُمُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِلِقَاحٍ، وَأَنْ يَشْرَبُوا مِنْ أَبْوَالِهَا وَأَلْبَانِهَا، فَانْطَلَقُوا، فَلَمَّا صَحُّوا قَتَلُوا رَاعِيَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَاسْتَاقُوا النَّعَمَ، فَجَاءَ الخَبَرُ فِي أَوَّلِ النَّهَارِ، فَبَعَثَ فِي آثَارِهِمْ، فَلَمَّا ارْتَفَعَ النَّهَارُ جِيءَ بِهِمْ، فَأَمَرَ فَقَطَعَ أَيْدِيَهُمْ وَأَرْجُلَهُمْ، وَسُمِرَتْ أَعْيُنُهُمْ، وَأُلْقُوا فِي الحَرَّةِ، يَسْتَسْقُونَ فَلاَ يُسْقَوْنَ، قَالَ أَبُو قِلاَبَةَ: فَهَؤُلاَءِ سَرَقُوا وَقَتَلُوا، وَكَفَرُوا بَعْدَ إِيمَانِهِمْ، وَحَارَبُوا اللَّهَ وَرَسُولَهُ.
المزيد
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক (চাদাকাৰ) উটৰ ওচৰত যাবলৈ আৰু তাৰ প্ৰস্ৰাব আৰু গাখীৰ পান কৰিবলৈ নির্দেশ দিলে। সিহঁতে তালৈ গুচি গ’ল। তাৰ পিছত সিহঁত সুস্থ হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাখোৱালক হত্যা কৰিলে আৰু উটবোৰক খেদি লৈ গ’ল। এই খবৰ (তেখেতৰ ওচৰলৈ) দিনৰ প্রথম ভাগতেই আহি পালে। তেখেতে সিহঁতৰ পিছে পিছে মানুহ পঠালে। দুপৰীয়াৰ আগতে সিহঁতক (বন্দী কৰি) অনা হ’ল। তাৰ পিছত তেখেতৰ আদেশত সিহঁতৰ হাত-ভৰি কাটি দিয়া হ’ল। উত্তপ্ত শলাৰ দ্বাৰা সিহঁতৰ চকু পুৰি দিয়া হ’ল আৰু গৰম পাথৰৰ ভূমিত সিহঁতক নিক্ষেপ কৰা হ’ল। সিহঁতে পানী বিচাৰিছিল, কিন্তু দিয়া নহ’ল।
আবু কিলাবা (ৰাহিমাহুল্লাহ)-এ কৈছে, ইহঁতে চুৰি কৰিছিল, হত্যা কৰিছিল, ঈমান অনাৰ পিছত কুফৰী কৰিছিল আৰু আল্লাহ্ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল।