عَنْ سَهْلُ بْنُ سَعْدٍ رَضِيَ اللَّهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ يَوْمَ خَيْبَرَ:
«لَأُعْطِيَنَّ هَذِهِ الرَّايَةَ غَدًا رَجُلًا يَفْتَحُ اللَّهُ عَلَى يَدَيْهِ، يُحِبُّ اللَّهَ وَرَسُولَهُ وَيُحِبُّهُ اللَّهُ وَرَسُولُهُ»، قَالَ: فَبَاتَ النَّاسُ يَدُوكُونَ لَيْلَتَهُمْ أَيُّهُمْ يُعْطَاهَا، فَلَمَّا أَصْبَحَ النَّاسُ غَدَوْا عَلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كُلُّهُمْ يَرْجُو أَنْ يُعْطَاهَا، فَقَالَ: «أَيْنَ عَلِيُّ بْنُ أَبِي طَالِبٍ؟» فَقِيلَ: هُوَ يَا رَسُولَ اللَّهِ يَشْتَكِي عَيْنَيْهِ، قَالَ: «فَأَرْسِلُوا إِلَيْهِ»، فَأُتِيَ بِهِ فَبَصَقَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي عَيْنَيْهِ وَدَعَا لَهُ، فَبَرَأَ حَتَّى كَأَنْ لَمْ يَكُنْ بِهِ وَجَعٌ، فَأَعْطَاهُ الرَّايَةَ، فَقَالَ عَلِيٌّ: يَا رَسُولَ اللَّهِ، أُقَاتِلُهُمْ حَتَّى يَكُونُوا مِثْلَنَا؟ فَقَالَ: «انْفُذْ عَلَى رِسْلِكَ حَتَّى تَنْزِلَ بِسَاحَتِهِمْ، ثُمَّ ادْعُهُمْ إِلَى الإِسْلاَمِ، وَأَخْبِرْهُمْ بِمَا يَجِبُ عَلَيْهِمْ مِنْ حَقِّ اللَّهِ فِيهِ، فَوَاللَّهِ لَأَنْ يَهْدِيَ اللَّهُ بِكَ رَجُلًا وَاحِدًا، خَيْرٌ لَكَ مِنْ أَنْ يَكُونَ لَكَ حُمْرُ النَّعَمِ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 4210]
المزيــد ...
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, খাইবৰৰ যুদ্ধৰ দিনা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ
"কাইলৈ মই এই পতাকাখন এনে এজন ব্যক্তিৰ হাতত তুলি দিম, যাৰ যোগেদি আল্লাহে (খয়বৰৰ দুৰ্গ) জয় কৰিব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক ভালপায়, আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভালপায়।" বৰ্ণনাকাৰীয়ে কৈছেঃ সেই ৰাতি লোকসকলে এই চিন্তাত ৰাতি অতিবাহিত কৰিছিল যে, কাক দিয়া হ'ব পতাকাখন। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপস্থিত হ'ল, প্ৰত্যেকেই কামনা কৰি আছিল যে, পতাকাখন তাকেই দিয়া হ'ব। এই অৱস্থাত তেখেতে ক'লেঃ "আলী ইবনু আবি তালিব ক'ত?" কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল! তেওঁৰ চকুৰ বেমাৰ হৈছে। তেখেতে ক'লেঃ "তেওঁক মাতি আনিবলৈ কাৰোবাক প্ৰেৰণ কৰা।" তেওঁক লৈ অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ দুয়ো চকুত তেখেতৰ থু লগাই দিলে আৰু দুআ কৰিলে, ফলত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল, এনেকুৱা আৰোগ্য লাভ কৰিলে যে, চকুত যেনিবা কোনো বিষেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। পতাকা হাতত লৈ তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সিহঁতৰ লগত তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে সিহঁত আমাৰ দৰে (মুছলিম) হৈ নাযায়। তেতিয়া তেখেতে ক'লেঃ "তুমি লাহে লাহে আগুৱাই যোৱা, যেতিয়া তুমি সিহঁতৰ চোতালতগৈ উপস্থিত হ'বা, তেতিয়া সিহঁতক ইছলামৰ পিনে আহ্বান কৰিবা আৰু সিহঁতৰ ওপৰত আল্লাহৰ যি অধিকাৰ আছে সেই সম্পৰ্কে সিহঁতক অৱগত কৰিবা। আল্লাহৰ শপত! তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 4210]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক আগতীয়াকৈ সংবাদ দি কৈছিল যে, কাইলৈ ইয়াহুদীসকলৰ ওপৰত মুছলিমসকলে জয় লাভ কৰিব। এই বিজয় লাভ হ'ব এনেকুৱা এজন ব্যক্তিৰ জৰিয়তে যাক এই পতাকাখন অৰ্পন কৰা হ'ব, অৰ্থাৎ সেই পতাকা যিখন সেনাবাহিনীয়ে যুদ্ধত প্ৰতীক হিচাপে উত্তোলন কৰে। সেই ব্যক্তিজনৰ বৈশিষ্ট্য হৈছে এই যে, তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়। আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভাল পায়। এই শুনি চাহাবাসকলে কোৱাকুইকে ৰাতি অতিবাহিত কৰিলে যে কাক দিয়া হ'ব সেই পতাকা? কাৰণ এইটো হৈছে এটা মহা মৰ্যাদাৰ বিষয়। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি গোট খালে, প্ৰত্যেকেই ভাবি আছিল এই মৰ্যাদা তেওঁহে লাভ কৰিব।
এনেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ইবনু আবি তালিব সম্পৰ্কে সুধিলে?
কোৱা হ'ল যে, তেওঁ অসুস্থ, চকুৰ বেমাৰ হৈছে।
এই শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মাতি পঠোৱাৰ ব্যৱস্থা কৰিলে। তেওঁক মাতি অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৰকতময় থু তেওঁৰ চকুত লগাই দিয়া হ'ল, আৰু তেখেতে দুআ কৰিলে, ফলত তেওঁ সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিলে, এনেকুৱা আৰোগ্য লাভ কৰিলে যেনিবা তেওঁৰ চকুত কোনো বেমাৰেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। লগতে তেওঁক নিৰ্দেশ দিলে যে, লাহে লাহে আগুৱাই যাবা, যেতিয়া তুমি শত্ৰুসকলৰ দুৰ্গৰ ওচৰতগৈ উপস্থিত হ'বা তেতিয়া সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ আহ্বান কৰিবা। যদি সিহঁতে ইছলাম গ্ৰহণ কৰে তেন্তে সিহঁতক সেইবোৰ বিষয় জনাই দিবা যিবোৰ পালন কৰা সিহঁতৰ ওপৰত অনিবাৰ্য।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ পিনে আহ্বান কৰাৰ গুৰুত্ব বুজাই ক'লে যে, যদি এই আহ্বানৰ ফলত কোনোবাই হিদায়ত লাভ কৰে তেন্তে এয়া তোমাৰ বাবে এটা ৰঙা উটতকৈও উত্তম, যিটোক আৰবীয়ানসকলে মহামূল্যৱান সম্পদ বুলি গণ্য কৰে। অৰ্থাৎ এনেকুৱা উটৰ মালিক হোৱাতকৈও উত্তম অথবা এনেকুৱা উট চাদাক্বাহ কৰাতকৈও উত্তম।