+ -

عن أبي موسى الأشعري رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«مَنْ حَمَلَ عَلَيْنَا السِّلَاحَ فَلَيْسَ مِنَّا».

[صحيح] - [متفق عليه] - [صحيح البخاري: 7071]
المزيــد ...

আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 7071]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক ভয় দেখুৱাবলৈ বা তেওঁলোকৰ সম্পদ আদি লুটপাত কৰিবলৈ তেওঁলোকৰ ওপৰত অস্ত্ৰ ধাৰণ কৰাৰ পৰা সতৰ্ক কৰিছে। যিয়ে অন্যায়ভাৱে এইটো কৰিব, সি মহা অপৰাধ কৰিব, লগতে সি এই কাবীৰাহ গুনাহৰ চিকাৰ হৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এজন মুছলিমক আন এজন মুছলিমৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে।
  2. মুছলিমসকলৰ ওপৰত অস্ত্ৰ ধাৰণ কৰা আৰু তেওঁলোকক হত্যা কৰি বিপৰ্যয় সৃষ্টি কৰাটো হৈছে আটাইতকৈ মহা অনৈতিক কৰ্ম তথা মহা বিপৰ্যয়।
  3. ন্যায়ভাৱে হত্যা কৰা, যেনে- বিদ্ৰোহকাৰী তথা বিপৰ্যয় সৃষ্টিকাৰীক হত্যা কৰাটো উক্ত সতৰ্কবাণীৰ অন্তৰ্ভুক্ত নহয়।
  4. অস্ত্ৰ আদিৰে মুছলিমসকলক ভয় দেখুৱাটোও হাৰাম, যদিও ধেমালিৰ ছলেৰেই নহওক কিয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক