عَنْ أَبِي ذَرٍّ رَضِيَ اللَّهُ عَنْهُ أَنَّهُ سَمِعَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«لاَ يَرْمِي رَجُلٌ رَجُلًا بِالفُسُوقِ، وَلاَ يَرْمِيهِ بِالكُفْرِ، إِلَّا ارْتَدَّتْ عَلَيْهِ، إِنْ لَمْ يَكُنْ صَاحِبُهُ كَذَلِكَ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 6045]
المزيــد ...
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
"কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6045]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, কোনেও যেন কাৰোবাক এই বুলি নামাতে যে, হে ফাছিক্ব অথবা হে কাফিৰ। কাৰণ সি যি নামেৰে তাক মাতিছে, সেইটো যদি তাৰ মাজত নাথাকে তেন্তে সেইটো সেই ব্যক্তিলৈ উভতি আহিব যিয়ে এনেকুৱা নামেৰে মাতিছে। কিন্তু যদি এই বৈশিষ্ট্য সেই ব্যক্তিৰ মাজত থাকে তেন্তে সেইটো উভতি নাহিব, কাৰণ সি সত্য কথাই কৈছে।