عن عائشة رضي الله عنها قالت: «كان النبي صلى الله عليه وسلم يذكر الله على كل أحْيَانِه».
[صحيح] - [رواه مسلم والبخاري معلقا. للفائدة: التعليق حذف الإسناد]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাই কৈছে, "c2">“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহক স্মৰণ কৰিছিল।”
ছহীহ - বুখাৰীয়ে চেগায়ে জযমৰ সৈতে মুআল্লাকান বৰ্ণনা কৰিছে

ব্যাখ্যা

"c2">“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহক স্মৰণ কৰিছিল” অর্থাৎ তাছবীহ, তাহমীদ, তাহলীল, তাকবীৰ আদি সদায় পাঠ কৰিছিল। এইদৰে তেখেতে কোৰআন তিলাৱত কৰিছিল। কাৰণ কোৰআনো হৈছে আল্লাহৰ জিকিৰ। বৰং এইটো হৈছে আটাইতকৈ উত্তম যিকিৰ। "c2">“সদায় কৰিছিল” অর্থাৎ তেখেতে সকলো সময়তে এইবোৰ পাঠ কৰিছিল, আনকি নাপাক অৱস্থাতো, সৰু নাপাক হওক অথবা ডাঙৰ নাপাক। কিন্তু উলামাসকলে জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত আল্লাহৰ জিকিৰৰ পৰা কোৰআন তিলাৱতক বাদ দিছে। এতেকে জুনুবী কোৰআন তিলাৱত কৰা বৈধ নহয়। চাই চাইও পঢ়িব নোৱাৰে আৰু মুখস্থও নোৱাৰে। কাৰণ, আলী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত হাদীছত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন পঢ়াইছিল কিন্তু নাপাক অৱস্থাত পঢ়োৱা নাছিল। (আহমদ আৰু ছুনানে আৰবা‘আ)। কিন্তু উলামাসকলে ঋতুৱতী আৰু প্রসূতি নাৰীসকলকলৈ মতানৈক্য কৰিছে, সিহঁতকো জুনুবীৰ অন্তৰ্ভুক্ত কৰা হ’ব নে নাই। এইক্ষেত্ৰত গ্রহণযোগ্য মত হৈছে, সিহঁতে মুখস্থ কোৰআন পঢ়িব পাৰিব। কাৰণ, সিহঁতৰ ম্যাদটো হৈছে দীর্ঘ। আৰু সিহঁতৰ বিষয়টো সিহঁতৰ নিয়ন্ত্রণত নহয়, যিদৰে জুনুবী ব্যক্তিৰ বিষয়টো তাৰ নিয়ন্ত্রণত। "c2">“সর্বাৱস্থাত কোৰআন তিলাৱত বৈধ” নীতিৰ পৰা বাদ পৰিব প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়, সহবাস কৰাৰ সময় আৰু এনেকুৱা স্থানত যি স্থান কোৰআনৰ মর্যাদা ৰক্ষাৰ বাবে উপযুক্ত নহয়, যেনে গোছলখানা, প্ৰস্ৰাৱগাৰ-শৌচাগাৰ ইত্যাদি নাপাক স্থানসমূহ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ জিকিৰ কৰিবলৈ সৰু বা ডাঙৰ নাপাকীৰ পৰা পৱিত্ৰতা অর্জন কৰাটো চৰ্ত নহয়। এতেকে এজন মুছলিমৰ বাবে আল্লাহৰ তাছবীহ, তাহমীদ, তাহলীল আৰু ইস্তেগফাৰ কৰা, লগতে গোছল ফৰজ নোহোৱা পর্যন্ত কোৰআন তিলাৱত কৰা বৈধ। কাৰণ এই বিষয়ে হাদীছ বৰ্ণিত আছে।
  2. হাদীছটোৰ ব্যাপকতাই প্রমাণ কৰে যে, ঋতুৱতী আৰু প্রসূতি নাৰীৰ বাবে কোৰআন তিলাৱত কৰা বৈধ। কিন্তু স্পর্শ কৰিব নোৱাৰিব। বৰং মোজা বা কাপোৰ আদিৰে ধৰাত কোনো অসুবিধা নাই।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহৰ জিকিৰ কৰিছিল।
  4. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা সম্পর্কে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ জ্ঞান।
অধিক