عَنْ ابنِ عُمَرَ رَضيَ اللهُ عنهما عَنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَنِ اقْتَنَى كَلْبًا إِلَّا كَلْبَ ضَارٍ أَوْ مَاشِيَةٍ نَقَصَ مِنْ عَمَلِهِ كُلَّ يَوْمٍ قِيرَاطَانِ»، قَالَ سَالِمٌ: وَكَانَ أَبُو هُرَيْرَةَ يَقُولُ: «أَوْ كَلْبَ حَرْثٍ»، وَكَانَ صَاحِبَ حَرْثٍ.
[صحيح] - [متفق عليه] - [صحيح مسلم: 1574]
المزيــد ...
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে কোনো এনেকুৱা কুকুৰ লালন-পালন কৰে, যিটো চিকাৰ কৰাৰ বাবেও ব্যৱহাৰ নহয় আৰু পোহনীয়া পশুৰ সুৰক্ষাৰ বাবেও ব্যৱহাৰ নহয়, তেনে ব্যক্তিৰ আমলৰ পৰা দৈনিক দুই কিৰাতকৈ ছোৱাব হ্ৰাস কৰা হয়।" ছালিমে কৈছে, আবু হুৰাইৰাহ এই কথাও কৈছিল যে, "অথবা যিটোৰ দ্বাৰা খেতি-বাতিৰ চোৱাচিতাও কৰা নহয়।" কিয়নো আবু হুৰাইৰাহ আছিল এজন খেতিয়ক।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1574]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কুকুৰ পোহ পাল দিয়াৰ ক্ষেত্ৰত সতৰ্ক কৰিছে। কিন্তু বিশেষ প্ৰয়োজন হ'লে যেনে- চিকাৰ কৰিবলৈ, খেতি-বাতি আৰু পশু আদিৰ চোৱাচিতা কৰিবলৈ পুহিব পাৰে। ইয়াৰ বাহিৰে বিনা কাৰণত কুকুৰ পুহিলে দৈনিক নিজৰ আমলৰ পৰা দুই কিৰাতকৈ ছোৱাব হ্ৰাস হয়। আল্লাহৰ ওচৰত এইটো হৈছে এটা নিৰ্দিষ্ট পৰিমাণ।