عَنِ الْبَرَاءِ رَضيَ اللهُ عنه قَالَ:
مَا رَأَيْتُ مِنْ ذِي لِمَّةٍ أَحْسَنَ فِي حُلَّةٍ حَمْرَاءَ مِنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، شَعْرُهُ يَضْرِبُ مَنْكِبَيْهِ، بَعِيدَ مَا بَيْنَ الْمَنْكِبَيْنِ، لَيْسَ بِالطَّوِيلِ وَلَا بِالْقَصِيرِ.

[صحيح] - [متفق عليه] - [صحيح مسلم: 2337]
المزيــد ...

বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
(কান্ধলৈকে) দীঘল (বাবৰি) চুলিবিশিষ্ট আৰু ৰঙা পোছাক পৰিহিত কোনো লোককেই মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক ধুনীয়া দেখা নাই। তেখেতৰ চুলিবোৰে তেখেতৰ কান্ধ স্পৰ্শ কৰিছিল। তেখেতৰ উভয় কান্ধৰ মাজত যথেষ্ট দূৰত্ব আছিল। তেখেত বেছি ওখও নাছিল আৰু চাপৰো নাছিল।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2337]

ব্যাখ্যা

বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, কান্ধ স্পৰ্শ কৰিব পৰা দীঘল চুলিবিশিষ্ট আৰু ৰঙা ডিজাইন থকা ক'লা বৰণৰ চাদৰ আৰু লুঙ্গী পৰিহিত কোনো ব্যক্তিকেই তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক সুন্দৰ দেখা নাই। তেখেতৰ শাৰীৰিক বৈশিষ্ট্যসমূহৰ মাজত অন্যতম এটা বৈশিষ্ট্য হৈছে যে, তেখেতৰ উভয় কান্ধৰ মাজত যথেষ্ট দূৰত্ব আছিল। তেখেতৰ বুকুখন যথেষ্ট প্ৰশস্ত আছিল, লগতে তেখেত বেছি ওখও নাছিল আৰু চাপৰো নাছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান বাহ্যিক সৌন্দৰ্য্যৰ কথা বৰ্ণনা হৈছে। যেনে- সুন্দৰ চুলি, প্ৰশস্ত বুকু, সুন্দৰ উচ্চতা আৰু অন্যান্য বিষয়াদি।
  2. চাহাবায়ে কেৰাম ৰাদ্বিয়াল্লাহু আনহুমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ইমানেই মুহাব্বত কৰিছিল যে, তেওঁলোকে পৰৱৰ্তী লোকসকলৰ মাজতো তেখেতৰ শাৰীৰিক আৰু নৈতিক বৈশিষ্ট আৰু গুণাৱলীবোৰ বৰ্ণনা কৰিছিল।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (36)
অধিক