1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।

عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ رضي الله عنهما أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم قَامَ بَعْدَ أَنْ رَجَمَ الْأَسْلَمِيَّ فَقَالَ:
«اجْتَنِبُوا ‌هَذِهِ ‌الْقَاذُورَةَ الَّتِي نَهَى اللَّهُ عَنْهَا فَمَنْ أَلَمَّ فَلْيَسْتَتِرْ بِسِتْرِ اللَّهِ وَلْيُتُبْ إِلَى اللَّهِ، فَإِنَّهُ مَنْ يُبْدِ لْنَا صَفْحَتَهُ نُقِمْ عَلَيْهِ كِتَابَ اللَّهِ عز وجل».

আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আছলামীক ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ ক'লেঃ
"তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।"

ছহীহ رواه الحاكم والبيهقي মুস্তাদৰাক আলাচ ছহীহাইন - 7615

ব্যাখ্যা

আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মায়িঝ বিন মালিক আল-আছলামীক ব্যভিচাৰৰ শাস্তি হিচাপে ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ মানুহক ভাষণ প্ৰদান কৰি ক'লেঃ তোমালোকে এনেকুৱা অশ্লীল কাৰ্যকলাপ পৰিহাৰ কৰা, এইবোৰ হৈছে নিকৃষ্ট গুনাহৰ কাম, যিবোৰ আল্লাহে নিষেধ কৰিছে। যদি কোনোবাই এনেকুৱা কামত পতিত হয়, তেন্তে সেই ব্যক্তিৰ বাবে দুটা কাম অনিবাৰ্য্য হৈ পৰে। ১) সেই গুনাহটোক গোপন কৰিব লাগে, তথা আল্লাহৰ পৰ্দাৰ শৰণাপন্ন হ'ব লাগে, লগতে সেই গুনাহ সম্পৰ্কে কাকো জনাব নালাগে। ২) দ্ৰুত আল্লাহৰ ওচৰত তাওবা কৰিব লাগে, সেই গুনাহৰ ওপৰত অটল থাকিব নালাগে। কাৰণ যাৰ গুনাহ আমাৰ সন্মুখত প্ৰকাশ পাব, তাৰ ওপৰত আমি সেই শাস্তি কাৰ্যকৰী কৰিম, যিটো সৰ্বশক্তিমান আল্লাহে সেই গুনাহৰ বাবে নিৰ্ধাৰণ কৰিছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. গুনাহগাৰ ব্যক্তিয়ে নিজৰ গুনাহ নিজেই গোপন কৰিব লাগে, তথা আল্লাহৰ ওচৰত সেই গুনাহৰ বাবে তাওবা কৰিব লাগে।
  2. অপৰাধ সম্পৰ্কীয় গোচৰ যদি প্ৰশাসনৰ ওচৰত দাখিল হয় তেতিয়া ইয়াৰ শাস্তি অনিবাৰ্য্য হৈ পৰে।
  3. গুনাহৰ পৰা বিৰত থকা আৰু ইয়াৰ পৰা তাওবা কৰা অনিবাৰ্য্য।

অনুবাদ চাওক

58 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
TH ไทย التايلندية
DE Deutsch الألمانية
JA 日本語 اليابانية
PS پښتو بشتو
SQ Shqip الألبانية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
KY Кыргызча القيرقيزية
NE नेपाली النيبالية
LT Lietuvių الليتوانية
PRS دری الدرية
SR Српски الصربية
TG тоҷикӣ الطاجيكية
RW Kinyarwanda الكينياروندا
RO Română الرومانية
HU Magyar المجرية
CS Čeština التشيكية
MOS Moore الموري
MG Malagasy المالاجاشية
OM Oromoo الأورومو
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
AZ Azərbaycan الأذربيجانية
UZ O‘zbek الأوزبكية
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
DA Dansk الدنماركية
RN Kirundi الكيروندي
KMR Kurmancî الكرمنجية
MS Bahasa Melayu الملايو