عَنْ ابْنِ عُمَرَ رَضيَ اللهُ عنهُما أَنَّهُ سَمِعَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَا حَقُّ امْرِئٍ مُسْلِمٍ لَهُ شَيْءٌ يُوصِي فِيهِ، يَبِيتُ ثَلَاثَ لَيَالٍ، إِلَّا وَوَصِيَّتُهُ عِنْدَهُ مَكْتُوبَةٌ»، قَالَ عَبْدُ اللهِ بْنُ عُمَرَ رضي الله عنهما: «مَا مَرَّتْ عَلَيَّ لَيْلَةٌ مُنْذُ سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ ذَلِكَ إِلَّا وَعِنْدِي وَصِيَّتِي».
[صحيح] - [متفق عليه] - [صحيح مسلم: 1627]
المزيــد ...
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
"কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।" আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথাষাৰ শুনাৰ পিছৰ পৰা এনেকুৱা এটাও ৰাতি মই অতিবাহিত কৰা নাই যে, যিদিনা মোৰ ওচৰত মোৰ অছিয়ত লিখিত ৰূপে সংৰক্ষণ নাছিল।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1627]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যদি কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকে, প্ৰাপ্য অধিকাৰ হওক বা সা-সম্পত্তি, পৰিমাণ যিমানেই কম নহওক কিয়, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি পাৰ কৰাও উচিত নহয়। আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো শুনাৰ পিছৰ পৰা অছিয়ত লিখি সংৰক্ষণ নকৰাকৈ মই এটা ৰাতিও পাৰ কৰা নাছিলোঁ।