+ -

عن أسامة بن زيد رضي الله عنهما عن النبي صلى الله عليه وسلم قال:
«مَا تَرَكْتُ بَعْدِي فِتْنَةً أَضَرَّ عَلَى الرِّجَالِ مِنَ النِّسَاءِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 5096]
المزيــد ...

উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5096]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত পুৰুষসকলৰ বাবে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব নাৰী সমাজ। কাৰণ নাৰী স্ত্ৰী হ'লে তাইৰ অনুসৰণত সি চৰীয়তৰ বিৰোধিতাও কৰিব পাৰে। আনহাতে যদি অপৰিচিত হয় তেন্তে তাইৰ অবাধ মিশ্ৰিত বিচৰণে সমাজত বিশৃংখলা সৃষ্টি কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গতিকে মুছলিমসকলে নাৰীসকলৰ ফিতনাৰ পৰা সতৰ্ক থকা উচিত। লগতে প্ৰত্যেক ফিতনাৰ দুৱাৰ বন্ধ কৰি দিব লাগে।
  2. সেয়ে মুমিনসকলে আল্লাহৰ ৰচীক মজবুতভাৱে ধাৰণ কৰা উচিত। লগতে ফিতনাৰ পৰা নিজকে ৰক্ষা কৰি আল্লাহৰ প্ৰতি ধাৱিত হোৱা উচিত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক