+ -

عَنْ عُبَادَةَ بْنِ الصَّامِتِ رَضيَ اللهُ عنهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«الذَّهَبُ بِالذَّهَبِ، وَالْفِضَّةُ بِالْفِضَّةِ، وَالْبُرُّ بِالْبُرِّ، وَالشَّعِيرُ بِالشَّعِيرِ، وَالتَّمْرُ بِالتَّمْرِ، وَالْمِلْحُ بِالْمِلْحِ، مِثْلًا بِمِثْلٍ، سَوَاءً بِسَوَاءٍ، يَدًا بِيَدٍ، فَإِذَا اخْتَلَفَتْ هَذِهِ الْأَصْنَافُ، فَبِيعُوا كَيْفَ شِئْتُمْ، إِذَا كَانَ يَدًا بِيَدٍ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 1587]
المزيــد ...

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"সোণৰ বিনিময়ত সোণ, ৰূপৰ বিনিময়ত ৰূপ, ঘেঁহুৰ বিনিময়ত ঘেঁহু, যৱৰ বিনিময়ত যৱ, খেজুৰৰ বিনিময়ত খেজুৰ, নিমখৰ বিনিময়ত নিমখ, সমপৰিমাণে হ'ব লাগিব, হাতে হাতে (নগদ) আদান-প্ৰদান হ'ব লাগিব। যদি দ্ৰৱ্য বেলেগ বেলেগ হয়, আৰু নগদ ক্ৰয়-বিক্ৰয় হয় তেন্তে তোমালোকে যিদৰে ইচ্ছা সেইদৰেই ক্ৰয়-বিক্ৰয় কৰিব পাৰা।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 1587]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সুদত জৰিত হ'ব পৰা ছয়টা দ্ৰৱ্যৰ সঠিক ক্ৰয়-বিক্ৰয়ৰ পদ্ধতি শিকাইছে। সেই ছয়টা দ্ৰৱ্য হৈছে, সোণ, ৰূপ, ঘেঁহু, যৱ, খেজুৰ আৰু নিমখ। এতেকে এইবোৰ দ্ৰৱ্য যদি একে জাতীয় দ্ৰৱ্যৰে ক্ৰয়-বিক্ৰয় কৰা হয়, যেনে- সোণৰ জৰিয়তে সোণ, ৰূপৰ জৰিয়তে ৰূপ, তেনে ক্ৰয়-বিক্ৰয়ত দুটা চৰ্ত আৱশ্যকঃ প্ৰথমঃ ওজনকৃত দ্ৰৱ্যৰ ওজন সমান হ'ব লাগিব, যেনে- সোণ, ৰূপ আদি। জোখি ল'বলগীয়া দ্ৰৱ্যৰ পৰিমাণো সমান হ'ব লাগিব, যেনে- ঘেঁহু, যৱ, খেজুৰ, নিমখ আদি। দ্বিতীয়ঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে দ্ৰৱ্য আৰু মূল্য আদান প্ৰদান হ'ব লাগিব। কিন্তু যদি একে জাতীয় দ্ৰৱ্যৰ দ্বাৰা ক্ৰয়-বিক্ৰয় কৰা নহয়, উদাহৰণস্বৰূপে যদি ৰূপৰ দ্বাৰা সোণ ক্ৰয় কৰা হয় বা ঘেঁহুৰ দ্বাৰা খেজুৰ ক্ৰয় কৰা হয় তেন্তে ইয়াৰ বাবে কেৱল এটা চৰ্তই যথেষ্ট, সেয়া হৈছেঃ ক্ৰয়-বিক্ৰয়ৰ বৈঠকতে ক্ৰেতাই দ্ৰৱ্য বুজি ল'ব আৰু বিক্ৰেতাই মূল্য গ্ৰহণ কৰিব লাগিব। অন্যথা সেই ক্ৰয়-বিক্ৰয় বাতিল বুলি গণ্য হ'ব। লগতে ক্ৰেতা আৰু বিক্ৰেতা উভয়ে সুদৰ সৈতে জৰিত হ'ব, যিটোক হাৰাম কৰা হৈছে।

অনুবাদ: ইংৰাজী ইন্দোনেচিয়ান ছিনহালী ভিয়েতনামীজ হাওছা শ্বাহিলী থাই আমহাৰিক ডাচ
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যিবোৰ দ্ৰৱ্য আদান প্ৰদানত সুদৰ সম্ভাৱনা আছে, সেইবোৰৰ ক্ৰয়-বিক্ৰয়ৰ পদ্ধতি হাদীছটোত বৰ্ণনা কৰা হৈছে।
  2. সুদ সংক্ৰান্তীয় ব্যৱসায় নিষিদ্ধ কৰা হৈছে।
  3. সুদৰ ক্ষেত্ৰত কাগজৰ কাৰেন্সীৰ বিধান হৈছে সোণ-ৰূপৰ বিধানৰ অন্তৰ্গত।
  4. সুদ হ'ব পৰা ছয় প্ৰকাৰ দ্ৰৱ্যৰ ক্ৰয়-বিক্ৰয়ৰ কেইবাটাও অৱস্থা আছে। যেনে- ১) একে জাতীয় দ্ৰৱ্যৰে ক্ৰয়-বিক্ৰয় কৰা। যেনে- সোণৰ বিনিময়ত সোণ আৰু খেজুৰৰ বিনিময়ত খেজুৰ। এনেকুৱা ক্ৰয়-বিক্ৰয় সঠিক হোৱাৰ বাবে দুটা চৰ্তৰ আৱশ্যক। ওজন অথবা পৰিমাণ একে হ'ব লাগিব। দ্বিতীয় চৰ্ত হৈছে, ক্ৰয়-বিক্ৰয়ৰ সময়তে দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদান হ'ব লাগিব। ২) যদি এইবোৰ দ্ৰৱ্যৰ যিকোনো এটাক আনটোৰ বিনিময়ত ক্ৰয়-বিক্ৰয় কৰা হয়, লগতে কাৰণ যদি একে হয়। যেনে- ৰূপৰ বিনিময়ত সোণ, আৰু যৱৰ বিনিময়ত ঘেঁহু, তেনে ক্ষেত্ৰত ওজন আৰু পৰিমাণৰ কোনো চৰ্ত আৱশ্যক নহয়, কেৱল ক্ৰয়-বিক্ৰয়ৰ সময়ত দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদান হোৱাটো চৰ্ত। ৩) যদি কোনো ৰিবাৱী বস্তুক বেলেগ কোনো ৰিবাৱী বস্তুৰ বিনিময়ত ক্ৰয়-বিক্ৰয় কৰা হয় আৰু কাৰণো যদি বেলেগ হয়, তেনে ক্ষেত্ৰত ওজন আৰু পৰিমাণৰো কোনো চৰ্ত নাই আৰু একে বৈঠকত দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদানৰো কোনো চৰ্ত নাই। উদাহৰণস্বৰূপে যদি খেজুৰৰ বিনিময়ত সোণ ক্ৰয় কৰা হয়।
  5. যদি সুদ হ'ব পৰা দ্ৰৱ্য মূল্যৰ বাহিৰে বেলেগ কোনো বস্তুৰ ক্ৰয়-বিক্ৰয় কৰা হয়, অথবা এটা হৈছে সুদ হ'ব পৰা বস্তু আৰু আনটো হৈছে বেলেগ বস্তু, তেনে ক্ষেত্ৰত ওজন আৰু পৰিমাণৰো কোনো চৰ্ত নাই আৰু একে বৈঠকতে দ্ৰৱ্য আৰু মূল্য আদান-প্ৰদানৰো কোনো চৰ্ত নাই। উদাহৰণস্বৰূপে সোণৰ বিনিময়ত মাটি ক্ৰয় কৰা।