عن عبد الله بن عمرو بن العاص رضي الله عنهما عن النبي صلى الله عليه وسلم قال: «الكبائر: الإشراك بالله، وعُقُوق الوالدين، وقتل النفس، واليمين الغَمُوس».
[صحيح] - [رواه البخاري]
المزيــد ...
আব্দুল্লাহ ইবনে আমৰ ইবনুল ‘আচ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“কাবীৰাহ গোনাহ হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, পিতৃ-মাতৃৰ অবাধ্যাচৰণ কৰা, কোনো প্রাণ হত্যা কৰা আৰু মিছা শপত খোৱা।” ছহীহ - এইটো বুখাৰীয়ে বর্ণনা কৰিছে।
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।
এই হাদীছটোত কেইবাটাও গুনাহৰ কথা উল্লেখ কৰা হৈছে যিবোৰক কবীৰাহ গুনাহ বুলি বিশেষিত কৰা হৈছে। এই নামকৰণ কৰাৰ কাৰণ হৈছে, পৃথিৱী আৰু আখিৰাতত এই গুনাহত লিপ্ত ব্যক্তি মহা ক্ষতিৰ সন্মুখীন হয়। তাৰে প্ৰথমটো হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, অৰ্থাৎ আল্লাহৰ সৈতে কুফৰী কৰা, যেনে তেওঁৰ সৈতে আন কাৰোবাৰ ইবাদত কৰা, লগতে নিজ প্ৰতিপালকৰ ইবাদতক অস্বীকাৰ কৰা। দ্বিতীয়টো হৈছে "c2">“পিতা-মাতাৰ অবাধ্যতা কৰা”। অৰ্থাৎ, মাতা-পিতা বা তেওঁলোকৰ যিকোনো এজনৰ সৈতে এনেকুৱা কোনো আচৰণ কৰা যিটোৱে তেওঁক কষ্ট দিয়ে। উদাহৰণস্বৰূপে, তেওঁলোকক সন্মান নকৰা, তেওঁলোকক গালি-শপনি পাৰা, তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা, আৰু যি সময়ত সন্তানসকলৰ প্ৰতি মুখাপেক্ষী হয় তেতিয়া তেওঁলোকৰ যত্ন নোলোৱা ইত্যাদি। তৃতীয় বিষয়টো হৈছে "c2">“প্ৰাণ নাশ কৰা বা হত্যা কৰা” অন্যায়ভাৱে বা সীমালঙ্ঘন কৰি। কিন্তু কোনো ব্যক্তি যদি কিচাচ অথবা অন্য কোনো কাৰণত হত্যাৰ উপযুক্ত হয়, সেই ব্যক্তি এই হাদীছৰ অর্থৰ অন্তর্ভুক্ত নহ’ব। ইয়াৰ পিছত মিছা শপতৰ পৰা ভয় দেখুৱাই হাদীছটো শেষ কৰা হৈছে। হাদীছত বৰ্ণিত মিছা শপতক য়ামীনে গুমূছ (ডুবি যোৱা শপত) বুলি নামকৰণ কৰা হৈছে, কাৰণ মিছা শপতকাৰী ব্যক্তি গুনাহত অথবা জাহান্নামৰ জুইত ডুবি যাব, কাৰণ সি জানি বুজি মিছা শপত খাইছে।