عَن أَبِي هُرَيْرَةَ رَضيَ اللهُ عنهُ عَنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِنَّ أَدْنَى مَقْعَدِ أَحَدِكُمْ مِنَ الْجَنَّةِ أَنْ يَقُولَ لَهُ: تَمَنَّ فَيَتَمَنَّى، وَيَتَمَنَّى، فَيَقُولُ لَهُ: هَلْ تَمَنَّيْتَ؟ فَيَقُولُ: نَعَمْ، فَيَقُولُ لَهُ: فَإِنَّ لَكَ مَا تَمَنَّيْتَ وَمِثْلَهُ مَعَهُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 182]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ মাজৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ জান্নাতীৰ মৰ্যাদা এনেকুৱা হ'ব যে, আল্লাহে তাক ক'বঃ তোমাৰ কি কি বিচাৰিবলগীয়া আছে বিচৰা, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ আশা-আকাংক্ষা ব্যক্ত কৰিব। তেতিয়া আল্লাহে তাক ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়। তেতিয়া আল্লাহে তাক ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 182]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত যিজন ব্যক্তি সৰ্ব নিম্ন পৰ্যায়ত থাকিব তাৰ মৰ্যাদা ইমান হ'ব যে, তাক কোৱা হ'ব, তোমাৰ যি যি ইচ্ছা আছে বিচৰা। তেতিয়া তেওঁ যি যি লাগে সেই সকলো আশা ব্যক্ত কৰিব, এইটো বিচাৰিব সেইটো বিচাৰিব। অৱশেষত তাৰ সকলো আশা আকাংক্ষা ব্যক্ত কৰা শেষ হ'ব। তেতিয়া আল্লাহে ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়, মোৰ যি যি লগা আছিল, মই সকলো বিচাৰিছোঁ। তেতিয়া আল্লাহে ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তোমাক দিয়া হ'ব, লগতে এই পৰিমাণ অতিৰিক্ত প্ৰদান কৰা হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জান্নাতীসকলৰ মৰ্যাদা আৰু পৰ্যায় বেলেগ বেলেগ হ'ব।
  2. হাদীছটোত আল্লাহৰ মহানতা আৰু তেওঁৰ উদাৰতা বৰ্ণিত হৈছে।
  3. জান্নাতৰ নিয়ামতসমূহ বিশেষ কোনো বস্তুৰ মাজতে সীমিত নহয়, বৰং ইয়াত মুমিনে যিটো আশা তথা কামনা কৰিব সেইটোৱে উপস্থিত পাব। আল্লাহৰ অনুগ্ৰহ, দয়া আৰু তেওঁৰ কৃপাত সেই সকলো তেওঁলোকক প্ৰদান কৰা হ'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী দাৰী ৰোমানিয়ান হাংগেৰী الموري মালাগাছী الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক