عن أنس وأبي هريرة رضي الله عنهما مرفوعاً: «لا يُؤْمِنُ أحدُكم حتى أَكُونَ أَحَبَّ إليه مِن وَلَدِه، ووالِدِه، والناس أجمعين».
[صحيح] - [حديث أنس -رضي الله عنه-: متفق عليه. حديث أبي هريرة -رضي الله عنه-: رواه البخاري]
المزيــد ...

আনাছ আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, "c2">“তোমালোকৰ মাজৰ কোনেও সেই সময় পৰ্যন্ত প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ।”
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

এই হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক জনাইছে যে, কোনো মুছলিমেই তেতিয়ালৈকে পৰিপূৰ্ণ ঈমান লাভ কৰিব নোৱাৰিব তথা এনেকুৱা ঈমান অর্জন কৰিব নোৱাৰিব, যি ঈমানে শাস্তি নোহোৱাকৈয়ে জান্নাতত প্ৰৱেশ কৰাব পাৰে, যেতিয়ালৈকে তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ সন্তান-সন্ততি, পিতা-মাতা আৰু সকলো মানুহতকৈ বেছি মুহাব্বত নকৰিব। এইকাৰণে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাহি অছাল্লামৰ মুহাব্বত মানেই হৈছে আল্লাহৰ মুহাব্বত। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ফালৰ পৰা দ্বীন প্ৰচাৰক আৰু দ্বীনৰ পথপ্ৰদৰ্শক। চৰীয়তৰ আদেশসমূহ পালন নকৰাকৈ আৰু ইয়াৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত নথকাকৈ কেতিয়াও আল্লাহ আৰু তেওঁৰ ৰাছুলক সঁচা মুহাব্বত কৰিব নোৱাৰি। কেৱল কবিতা আবৃত্তি কৰি নাইবা অনুষ্ঠান আয়োজন কৰি অথবা বিভিন্ন সুৰত নাত-গজল গাই কেতিয়াও মুহাব্বত সাব্যস্ত নহয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰা তথা তেওঁৰ মুহাব্বতক সকলো মাখলুকৰ মুহাব্বতৰ ওপৰত প্রাধান্য দিয়া ওৱাজিব।
  2. নিশ্চয় আমল হৈছে ঈমানৰ অন্তর্ভুক্ত। কাৰণ মুহাব্বত হৈছে অন্তৰৰ আমল। এতেকে যি ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক উল্লিখিত বিষয়বোৰতকৈ অধিক মুহাব্বত নকৰিব, সেই ব্যক্তিৰ ঈমানক নসাৎ কৰা হৈছে।
  3. ঈমানক নসাৎ কৰা বুলিলেই ইছলামৰ পৰা বহিষ্কাৰ হোৱা নুবুজায়।
  4. প্ৰকৃত ঈমানৰ প্রভাৱ, ঈমান্দাৰ ব্যক্তিৰ চৰিত্ৰত প্ৰকাশ পায়।
  5. ৰাছুলুল্লাহ চাল্লাল্লাহু `আলাইহি অছাল্লামৰ মুহাব্বাতক নিজৰ প্ৰাণতকৈও অধিক তথা সন্তান-সন্ততি, পিতা-মাতা আৰু সকলো মানুহৰ ওপৰত তেওঁৰ মুহাব্বতক প্রাধান্য দিয়া ওৱাজিব।
  6. ধন-সম্পদ আৰু প্ৰাণসহ ৰাছুলুল্লাহ চাল্লাল্লাহু `আলাইহি অছাল্লামৰ বাবে উৎসর্গিত হোৱা উচিত। কিয়নো তেওঁৰ মুহাব্বাতক নিজৰ ধন-সম্পদ আৰু প্ৰাণৰ ওপৰত প্রাধান্য দিয়া ওৱাজিব।
  7. ৰাছুলুল্লাহ চাল্লাল্লাহু `আলাইহি অছাল্লামৰ ছুন্নতক সহায় কৰাটো মানুহৰ বাবে ওৱাজিব, ইয়াৰ বাবে নিজৰ ধন-সম্পদ আৰু সৰ্বশক্তি ব্যয় কৰা উচিত, আনকি নিজৰ প্ৰাণ আহুতি দিয়াতো কুণ্ঠাবোধ কৰিব নালাগে। কাৰণ এইটোৱেই হৈছে ৰাছুলৰ সৈতে পৰিপূৰ্ণ মুহাব্বতৰ প্ৰমাণ। এইকাৰণেই কিছুমান আহলে ইল্ম (বিজ্ঞ লোকে) আল্লাহৰ এই বাণী সম্পর্কে কৈছেঃ {إِنَّ شَانِئَكَ هُوَ الْأَبْتَرُ} “নিশ্চয় আপোনাক ঘৃণাকাৰী ব্যক্তিয়েই হৈছে নির্বংশ”। এইদৰে যিয়ে তেওঁৰ চৰীয়তক ঘৃণা কৰে সিও নিশ্চিতভাৱে মূল্যহীন, তাৰ মাজত কোনো কল্যাণ নাই।
  8. দয়া, আতিথ্য আৰু সন্মানৰ ফলত যি মুহাব্বত কৰা হয় সেইটো বৈধ। কাৰণ নবী চাল্লাল্লাহু `আলাইহি অছাল্লামে এই হাদীছত কৈছে, “তাৰ সন্তান-সন্ততি আৰু পিতা-মাতাতকৈও অধিক প্রিয়”- ইয়াৰ দ্বাৰা তেওঁলোকৰ বাবে আচল মুহাব্বাত সাব্যস্ত কৰা হৈছে। নিশ্চয় এইটো এটা স্বভাৱগত মুহাব্বাত; ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।
  9. ৰাছুলুল্লাহ চাল্লাল্লাহু `আলাইহি অছাল্লামৰ কথাক সকলো মানুহৰ কথাৰ ওপৰত প্রাধান্য দিয়া ওৱাজিব। কাৰণ এইটো অত্যাৱশ্যক যে, সকলো মানুহৰ কথাৰ ওপৰত ৰাছুলৰ কথাক প্ৰাধান্য দিয়াটো পছন্দনীয় হ’ব লাগিব। আনকি নিজৰ জীৱনতকৈও অধিক প্ৰাধান্য দিব লাগিব।
অধিক