+ -

عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ رضي الله عنهما أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا تَعَلَّمُوا الْعِلْمَ لِتُبَاهُوا بِهِ الْعُلَمَاءَ، وَلَا لِتُمَارُوا بِهِ السُّفَهَاءَ، وَلَا تَخَيَّرُوا بِهِ الْمَجَالِسَ، فَمَنْ فَعَلَ ذَلِكَ، فَالنَّارُ النَّارُ».

[صحيح] - [رواه ابن ماجه] - [سنن ابن ماجه: 254]
المزيــد ...

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে আলিমসকলৰ ওপৰত বাহাদুৰি দেখুৱাবলৈ, নিৰ্বোধসকলৰ সৈতে বিতৰ্ক কৰিবলৈ আৰু জনসভাত নিজকে ডাঙৰ বুলি প্ৰকাশ কৰিবলৈ ধৰ্মীয় জ্ঞান অৰ্জন নকৰিবা। যিয়ে এনেকুৱা কৰিব তাৰ বাবে আছে অগ্নি আৰু অগ্নি।

[ছহীহ] - [(ইবনে মাজাহ)] - [ছুনান ইবনে মাজাহ - 254]

ব্যাখ্যা

আলিমসকলৰ ওপৰত অহংকাৰ কৰাৰ উদ্দেশ্য জ্ঞান অৰ্জন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। এইটো প্ৰকাশ কৰিবলৈ যে, ময়ো আপোনালোকৰ দৰেই এজন জ্ঞানী। অথবা এই উদ্দেশ্যে জ্ঞান অৰ্জন কৰা যে, যাতে নিৰ্বোধ অশিক্ষিত দুৰ্বল বিবেক থকা লোকৰ সৈতে বিতৰ্ক কৰি জিকিব পাৰে। নাইবা এই উদ্দেশ্যে জ্ঞান অৰ্জন কৰা যে, ইয়াৰ দ্বাৰা জনসভাত প্ৰাধান্য লাভ কৰিব তথা অন্যান্য লোকক পিচ পেলাব। যি ব্যক্তিয়ে এই উদ্দেশ্যত জ্ঞান অৰ্জন কৰিব, সি জাহান্নামী হ'ব। কাৰণ সি লোকক দেখুৱাবলৈ আমল কৰিছে, তাৰ আমলত ইখলাচ নাই, সি আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে জ্ঞান অৰ্জন কৰা নাই।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি ব্যক্তিয়ে গৌৰৱ অৰ্জন কৰিবলৈ নাইবা বিতৰ্ক কৰিবলৈ অথবা নিজকে ডাঙৰ বুলি প্ৰকাশ কৰিবলৈ জ্ঞান অৰ্জন কৰে, সেই ব্যক্তিক জাহান্নামৰ সতৰ্কবাণী দিয়া হৈছে।
  2. ছাত্ৰ আৰু শিক্ষক উভয়ৰ বাবেই নিৰ্ভেজাল তথা সঠিক নিয়্যত পোষণ কৰা খুবেই গুৰুত্বপূৰ্ণ।
  3. নিয়্যতেই হৈছে আমলৰ মূল ভিত্তি, নিয়্যত অনুপাতেই আমলৰ প্ৰতিদান দিয়া হ'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক