1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এজন আঘাতপ্ৰাপ্ত ব্যক্তি আছিল। ফলত সি সেইটোক সহ্য কৰিব পৰা নাছিল। সেয়ে সি এটা ছুৰী লৈ নিজৰ হাত কাটি পেলাইছিল। তেজ বন্ধ নোহোৱাৰ ফলত সি মৃত্যুবৰণ কৰাত মহান আল্লাহে কৈছেঃ মোৰ বান্দাই নিজৰ ওপৰত অন্যায় কৰি মোৰ ফালে আহিবলৈ খৰখেদা কৰিছে, সেয়ে মই তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছোঁ।

عَن الحَسَنِ قال: حَدَّثنا جُنْدَبُ بْنُ عَبْدِ اللَّهِ رضي الله عنه، فِي هَذَا المَسْجِدِ، وَمَا نَسِينَا مُنْذُ حَدَّثَنَا، وَمَا نَخْشَى أَنْ يَكُونَ جُنْدُبٌ كَذَبَ عَلَى رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ: قَالَ رَسُولُ اللَّهِ صلّى الله عليه وسلم:
«كَانَ فِيمَنْ كَانَ قَبْلَكُمْ رَجُلٌ بِهِ جُرْحٌ، فَجَزِعَ، فَأَخَذَ سِكِّينًا فَحَزَّ بِهَا يَدَهُ، فَمَا رَقَأَ الدَّمُ حَتَّى مَاتَ، قَالَ اللَّهُ تَعَالَى: بَادَرَنِي عَبْدِي بِنَفْسِهِ، حَرَّمْتُ عَلَيْهِ الجَنَّةَ».

হাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ জুনদাব ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক এই মছজিদতে হাদীছ বৰ্ণনা কৰিছে। যেতিয়াৰ পৰা আমি সেই হাদীছটো শুনিছোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে সেইটো পাহৰা নাই, আৰু আমাৰ এইটোও ধাৰণা নহয় যে, জুনদাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰিছে। তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এজন আঘাতপ্ৰাপ্ত ব্যক্তি আছিল। ফলত সি সেইটোক সহ্য কৰিব পৰা নাছিল। সেয়ে সি এটা ছুৰী লৈ নিজৰ হাত কাটি পেলাইছিল। তেজ বন্ধ নোহোৱাৰ ফলত সি মৃত্যুবৰণ কৰাত মহান আল্লাহে কৈছেঃ মোৰ বান্দাই নিজৰ ওপৰত অন্যায় কৰি মোৰ ফালে আহিবলৈ খৰখেদা কৰিছে, সেয়ে মই তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছোঁ।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 3463

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আমাৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁতৰ মাজৰ এজন ব্যক্তি প্ৰচণ্ড আঘাতপ্ৰাপ্ত হোৱাত সি নিজৰ কষ্টত ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল আৰু অসহ্য হৈ সোনকালে মৃত্যু হোৱাৰ বাবে এটা ছুৰীৰে নিজৰে হাত কাটি পেলাইছিল। তেজ বন্ধ নোহোৱাৰ ফলত তাৰ মৃত্যু ঘটিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আল্লাহে কৈছেঃ মোৰ বান্দাই নিজৰ ওপৰত অন্যায় কৰি মোৰ ওচৰলৈ অহাৰ বাবে খৰখেদা কৰিছে। সেয়ে মই তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছোঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰিব লাগে। দুখ-কষ্টৰ সময়ত নিজৰ ওপৰত সীমালংঘন কৰিব নালাগে, যাতে এইটো আৰু অধিক ডাঙৰ মুচিবতৰ কাৰণ হৈ নাযায়।
  2. পূৰ্বৱৰ্তী উম্মতৰ ঘটনাবোৰৰ মাজত আছে কল্যাণ আৰু উপদেশ।
  3. ইবনু হাজাৰে কৈছেঃ ইয়াত আল্লাহৰ অধিকাৰ বুজোৱা হৈছে আৰু সৃষ্টিৰ প্ৰতি থকা তেওঁৰ দয়া আৰু কৰুণা বুজোৱা হৈছে। কাৰণ তেওঁ বান্দাসকলৰ ওপৰত আত্মহত্যা হাৰাম কৰিছে। কিয়নো প্ৰাণবোৰ হৈছে আল্লাহৰ অধীনস্থ।
  4. এনেকুৱা সকলো মাধ্যম হাৰাম কৰা হৈছে যিবোৰে আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰে। তথা এই ক্ষেত্ৰত কঠোৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে।
  5. ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, সেই ব্যক্তিজনে আত্মহত্যা কৰিবলৈ এইটো কৰিছিল, চিকিৎসাৰ উদ্দেশ্যে কৰা নাছিল, যিটোৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা থাকে।

অনুবাদ চাওক

44 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية