عَنْ رَافِعِ بْنِ خَدِيجٍ رَضيَ اللهُ عنهُ قَالَ:
كُنَّا مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِذِي الحُلَيْفَةِ، فَأَصَابَ النَّاسَ جُوعٌ، فَأَصَابُوا إِبِلًا وَغَنَمًا، قَالَ: وَكَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي أُخْرَيَاتِ القَوْمِ، فَعَجِلُوا، وَذَبَحُوا، وَنَصَبُوا القُدُورَ، فَأَمَرَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِالقُدُورِ، فَأُكْفِئَتْ، ثُمَّ قَسَمَ، فَعَدَلَ عَشَرَةً مِنَ الغَنَمِ بِبَعِيرٍ فَنَدَّ مِنْهَا بَعِيرٌ، فَطَلَبُوهُ، فَأَعْيَاهُمْ وَكَانَ فِي القَوْمِ خَيْلٌ يَسِيرَةٌ، فَأَهْوَى رَجُلٌ مِنْهُمْ بِسَهْمٍ، فَحَبَسَهُ اللَّهُ، ثُمَّ قَالَ: «إِنَّ لِهَذِهِ البَهَائِمِ أَوَابِدَ كَأَوَابِدِ الوَحْشِ، فَمَا غَلَبَكُمْ مِنْهَا فَاصْنَعُوا بِهِ هَكَذَا»، فَقَالَ أي رافع: إِنَّا نَرْجُو -أَوْ نَخَافُ- العَدُوَّ غَدًا، وَلَيْسَتْ مَعَنَا مُدًى، أَفَنَذْبَحُ بِالقَصَبِ؟ قَالَ: «مَا أَنْهَرَ الدَّمَ، وَذُكِرَ اسْمُ اللَّهِ عَلَيْهِ فَكُلُوهُ، لَيْسَ السِّنَّ وَالظُّفُرَ، وَسَأُحَدِّثُكُمْ عَنْ ذَلِكَ: أَمَّا السِّنُّ فَعَظْمٌ، وَأَمَّا الظُّفُرُ فَمُدَى الحَبَشَةِ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 2488]
المزيــد ...
ৰাফে বিন খাদীজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিলোঁ। উপস্থিত লোকসকল ভোকাতুৰ অৱস্থাত আছিল। ইপিনে আমাৰ ওচৰত কিছুমান উট আৰু ছাগলী যুদ্ধ লব্ধ সম্পদ হিচাপে আছিল। তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সেনা বাহিনীৰ একেবাৰে পিছফালে। মানুহে (ভোকৰ তাড়নাত) অলপ খৰখেদা কৰিলে, আৰু যুদ্ধত লাভ কৰা পশু ধৰি জবেহ কৰিলে আৰু পাত্ৰ চৌকাত উঠাই দিলে। পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশত সেই পাত্ৰবোৰ চৌকাৰ পৰা নমাই ওলটাই দিয়া হ'ল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধলব্ধ সম্পদ বণ্টন কৰা আৰম্ভ কৰিলে। দহটা ছাগলীক এটা উটৰ সমান ভাগ কৰিলে। হঠাৎ যুদ্ধ লব্ধ এটা উট পলায়ন কৰিলে। চাহাবাসকলে উটটোক ধৰিবলৈ বহুত চেষ্টা কৰিলে কিন্তু উটটোৱে তেওঁলোকক ক্লান্ত কৰি পেলালে। সেই সময়ত তেওঁলোকৰ ওচৰত খুবেই কম সংখ্যক ঘোঁৰা আছিল। অৱশেষত তেওঁলোকৰ মাজৰ কোনোবাই এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহে উটটোক ৰখাই দিলে। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজতো কেতিয়াবা বন্য প্ৰাণীৰ বৈশিষ্ট্য আহি যায়, সেয়ে যদি কেতিয়াবা এইবোৰে এনেকৈ দৌৰি পলায়ন কৰে তেন্তে তাৰ সৈতে এইদৰেই কৰিবা।" তেতিয়া ৰাফে ৰাদ্বিয়াল্লাহু আনহুৱে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ আমি আশংকা কৰিছোঁ, কাইলৈ হয়তো শত্ৰুৰ সৈতে আমাৰ মোকাবিলা হ'ব। ইফালে আমাৰ ওচৰত কোনো ছুৰী নাই, সেয়ে আমি চোকা বাঁহৰ শলাৰে জবেহ কৰিব পাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "যিটো বস্তুৰ দ্বাৰা তেজ প্ৰবাহিত কৰিব পৰা যায়, আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেইটোৰ মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত বা নখ আদিৰ দ্বাৰা জবেহ কৰা উচিত নহয়। শুনা! এই বিষয়ে কথা এটা কওঁ। দাঁত হৈছে এটা হাড় আৰু নখ হৈছে হাবশ্বীসকলৰ ছুৰী।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2488]
ৰাফে বিন খাদীজ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিল, ইপিনে মানুহৰ অত্যন্ত ভোক লাগিছিল। তেওঁলোকে মুশ্বৰিকসকলৰ সৈতে কৰা যুদ্ধত উট আৰু ছাগলীকে আদি কৰি কিছুমান সম্পদ লাভ কৰিছিল। তেওঁলোকে যুদ্ধলব্ধ সম্পদ বণ্টন হোৱাৰ আগতে (ভোকৰ তাড়নাত) খৰখেদাকৈ যুদ্ধলব্ধৰ পশুৰ পৰা কেইটামান জবেহ কৰিলে। ৰান্ধিবলৈ বাচন বৰ্তন চৌকাত উঠাই দিলে। এই সকলোবোৰ কৰিছিল তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুমতি নোলোৱাকৈ। ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সন্যবাহিনীৰ একেবাৰে পিছফালে। যেতিয়া তেখেতে পশু জবেহ কৰি ৰন্ধা বঢ়া কৰাৰ বিষয়টো গম পালে, তেতিয়া তেখেতে আঞ্জা সহকাৰে সেইবোৰ পেলাই দিবলৈ নিৰ্দেশ দিলে। ইয়াৰ পিছত তেখেতে লোকসকলৰ মাজত যুদ্ধ লব্ধ সম্পদ বণ্টন কৰিবলৈ আৰম্ভ কৰিলে। সেই বণ্টনত তেখেতে এটা উটৰ পৰিবৰ্তে দহটাকৈ ছাগলী নিৰ্ধাৰণ কৰিছিল। কিন্তু হঠাৎ সেই উট বিলাকৰ মাজৰ পৰা এটা উট দৌৰি পলায়ন কৰিলে। তেওঁলোক উটটোক ধৰিবলৈ খুবেই চেষ্টা কৰিলে, অৱশেষত ক্লান্ত হৈ পৰিল। তেওঁলোকৰ ওচৰত ঘোঁৰাৰ সংখ্যাও কম আছিল। তেওঁলোকৰ মাজৰ কোনোবাই উটটোক লক্ষ্য কৰি এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহৰ অনুমতিত উটটো ৰৈ দিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এই ঘৰচীয়া জন্তুবোৰৰ মাজতো বনৰীয়া পশুৰ স্বভাৱ থাকে। যদি কেতিয়াবা এইবোৰে তোমালোকক অপাৰগ কৰে আৰু তোমালোকে সেইটোক ৰখাবলৈ অপাৰগ হোৱা, তেন্তে এনেকুৱাই কৰিবা। ইয়াৰ পিছত ৰাফে বিন খাদীজে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) সম্ভৱতঃ কাইলৈ আমি শত্ৰুৰ মুখামুখি হ'ব লাগিব। গতিকে আমি যদি আমাৰ অস্ত্ৰ পাতিৰে এইবোৰ জবেহ কৰোঁ তেন্তে হয়তো এইবোৰৰ তীক্ষ্ণতা হ্ৰাস পাব। ইপিনে এইবোৰ জবেহ নকৰিলেও নহয়। আমাৰ ওচৰত অতিৰিক্ত ছুৰীও নাই। এতেকে আমি শুকান বাঁহৰ ফলাৰে জবেহ কৰিব পাৰিমনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তেজ প্ৰবাহিত কৰিব পৰা যিকোনো বস্তুৰে জবেহ কৰিব পাৰা, যিটোৰ দ্বাৰা বেছি পৰিমাণে তেজ প্ৰবাহিত কৰিব পৰা যায়, লগতে যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেই মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত আৰু নখ আদিৰ বাহিৰে। এই বিষয়ে শুনা মই কওঁ! দাঁত হৈছে এক প্ৰকাৰ হাড়। আনহাতে আবিচিনিয়া (হাবশ্বা)ৰ অধিবাসী কাফিৰসকলে জীৱ জন্তু জবেহ কৰিবলৈ নখ ব্যৱহাৰ কৰে।