عَنْ أَبِي يَعْلَى شَدَّادِ بْنِ أَوْسٍ رَضِيَ اللَّهُ عَنْهُ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِنَّ اللهَ كَتَبَ الْإِحْسَانَ عَلَى كُلِّ شَيْءٍ، فَإِذَا قَتَلْتُمْ فَأَحْسِنُوا القِتْلَةَ، وَإِذَا ذَبَحْتُمْ فَأَحْسِنُوا الذِّبْحَةَ، وَلْيُحِدَّ أَحَدُكُمْ شَفْرَتَهُ، وَلْيُرِحْ ذَبِيحَتَهُ».
[صحيح] - [رواه مسلم] - [الأربعون النووية: 17]
المزيــد ...
আবূ ইয়া‘লা শ্বাদ্দাদ ইবনে আওছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে:
"মহান আল্লাহে প্ৰতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা, তেতিয়া উত্তমৰূপে হত্যা কৰিবা আৰু যেতিয়া (জন্তু) জবেহ কৰিবা, তেতিয়া উত্তম পন্থাত জবেহ কৰিবা। তোমালোকৰ প্ৰত্যেকে যেন (জবেহ কৰাৰ সময়ত) ছুৰী চোকা কৰি লয় আৰু জবেহকৃত জন্তুক যাতে শীতল হ’বলৈ এৰি দিয়ে।"
[ছহীহ] - [(মুছলিম)] - [الأربعون النووية - 17]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে আমাৰ ওপৰত প্ৰতিটো বস্তুৰ প্ৰতি ইহছান কৰিবলৈ অনিবাৰ্য কৰিছে। ইহছান হৈছেঃ এই কথা মনত ৰখা যে, আল্লাহে আমাক চাই আছে। এই কথাটো প্ৰত্যেক ক্ষেত্ৰতে মনত ৰাখিব লাগিব, ইবাদতৰ ক্ষেত্ৰতেই হওক, কোনো কল্যাণকৰ কাম কৰাৰ ক্ষেত্ৰতেই হওক বা সৃষ্টিক বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতেই হওক। এইদৰে হত্যা আৰু জবেহ কৰাৰ ক্ষেত্ৰতো মনত ৰখা উচিত যে, আল্লাহে আমাক চাই আছে।
কিচাচ বা মৃত্যুদণ্ড প্ৰদান কৰাৰ সময়তো এই কথা মনত ৰাখিব লাগিব, যাতে এই শাস্তি সহজে আৰু দ্ৰুততাৰে বিহা হয়, দণ্ডপ্ৰাপ্ত ব্যক্তিয়ে যাতে অধিক কষ্ট অনুভৱ কৰিব নোৱাৰে।
জবেহ কৰাৰ সময়ত ইহছান কৰাৰ অৰ্থ হৈছেঃ জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো চোকা হ'ব লাগিব, লগতে এই কথা মনত ৰাখিব লাগিব যে, জবেহ কৰিবলগীয়া জন্তুৰ সন্মুখত যাতে ছুৰি চোকা কৰা নহয়। লগতে অন্যান্য় জন্তুৰ সন্মুখতো যাতে জবেহ কৰা নহয়।