عَنْ أَبِي حَمْزَةَ أَنَسِ بْنِ مَالِكٍ رَضِيَ اللَّهُ عَنْهُ -خَادِمِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ- عَنْ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لاَ يُؤْمِنُ أَحَدُكُمْ، حَتَّى يُحِبَّ لِأَخِيهِ مَا يُحِبُّ لِنَفْسِهِ»
[صحيح] - [متفق عليه] - [الأربعون النووية: 13]
المزيــد ...
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খাদিম (সেৱক) আবু হামঝাহ আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [الأربعون النووية - 13]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, কোনো এজন মুছলিমেই তেতিয়ালৈকে পৰিপূৰ্ণ ঈমান লাভ কৰিব নোৱাৰে, যেতিয়ালৈকে তেওঁ নিজৰ বাবে যিটো পছন্দ কৰে সেইটো তেওঁৰ মুছলিম ভাতৃৰ বাবে পছন্দ নকৰিব, আনুগত্যৰ ক্ষেত্ৰতে হওক বা দ্বিনী আৰু দুনিয়াৱী যিকোনো কল্যাণৰ ক্ষেত্ৰতে হওক। লগতে তেওঁ নিজৰ বাবে যিটো অপছন্দ কৰে, সেইটো আনৰ বাবে যেতিয়ালৈকে অপছন্দ নকৰিব। গতিকে তেওঁ নিজৰ মুছলিম ভাতৃৰ মাজত কোনো দ্বিনী ত্ৰুটি দেখিলে, সেইটো সংশোধন কৰিবলৈ চেষ্টা কৰা উচিত। আনহাতে কোনো কল্যাণ দেখিলে, সেই ক্ষেত্ৰত সহায়-সহযোগিতা কৰা উচিত। লগতে দ্বিনী আৰু দুনিয়াৱী ক্ষেত্ৰত সৎ পৰামৰ্শ দিয়া উচিত।