عَنْ صَفْوَانَ بْنِ مُحْرِزٍ قَالَ: قَالَ رَجُلٌ لِابْنِ عُمَرَ رضي الله عنهما كَيْفَ سَمِعْتَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، يَقُولُ: فِي النَّجْوَى؟ قَالَ: سَمِعْتُهُ يَقُولُ:
«يُدْنَى الْمُؤْمِنُ يَوْمَ الْقِيَامَةِ مِنْ رَبِّهِ عَزَّ وَجَلَّ، حَتَّى يَضَعَ عَلَيْهِ كَنَفَهُ، فَيُقَرِّرُهُ بِذُنُوبِهِ، فَيَقُولُ: هَلْ تَعْرِفُ؟ فَيَقُولُ: أَيْ رَبِّ أَعْرِفُ، قَالَ: فَإِنِّي قَدْ سَتَرْتُهَا عَلَيْكَ فِي الدُّنْيَا، وَإِنِّي أَغْفِرُهَا لَكَ الْيَوْمَ، فَيُعْطَى صَحِيفَةَ حَسَنَاتِهِ، وَأَمَّا الْكُفَّارُ وَالْمُنَافِقُونَ، فَيُنَادَى بِهِمْ عَلَى رؤُوسِ الْخَلَائِقِ هَؤُلَاءِ الَّذِينَ كَذَبُوا عَلَى اللهِ».
المزيد
চাফৱান বিন মুহৰিঝৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ইবনে ওমৰক এজন ব্যক্তিয়ে সুধিলে যে, কিয়ামতৰ দিনা মহান আল্লাহ আৰু তেওঁৰ মুমিন বান্দাৰ মাজত হ'বলগীয়া একান্ত কথা-বতৰা সম্পৰ্কে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? তেতিয়া তেওঁ ক'লে যে, মই শুনিছোঁ তেখেতে কৈছেঃ
"কিয়ামতৰ দিনা সৰ্বশক্তিমান আল্লাহে মুমিন বান্দাক নিজৰ ওচৰত মাতি নিব, আনকি কাষত টানি নি আৱৰণেৰে ঢাকি ল'ব। ইয়াৰ পিছত তাৰ পৰা গুনাহৰ স্বীকাৰোক্তি ল'ব। মহান আল্লাহে সুধিবঃ তুমি তোমাৰ এই গুনাহ সম্পৰ্কে জানানে? সি ক'বঃ হয়, হে মোৰ প্ৰতিপালক মই জানো। তেতিয়া আল্লাহে ক'বঃ চোৱা, মই পৃথিৱীত তোমাৰ এই গুনাহ গোপন ৰাখিছিলোঁ, আৰু আজি ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক নেকীৰ আমলনামা প্ৰদান কৰা হ'ব। পক্ষান্তৰে কাফিৰ আৰু মুনাফিকসকলৰ অৱস্থা হ'ব এনেকুৱা যে, সিহঁতক গোটেই লোকসকলৰ সন্মুখত উচ্চস্বৰে মাতি কোৱা হ'ব যে, চোৱা, ইহঁতেই হৈছে সেইসকল লোক যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল।"